বিশ্ব চাইকেল দিৱসঃ ১৮১৬ৰ পৰা ২০২০লৈ…

বিশ্ব চাইকেল দিৱসঃ ১৮১৬ৰ পৰা ২০২০লৈ…

আজি বিশ্ব বাইচাইকেল দিৱস। শেহতীয়াকৈ পশ্চিমীয়া দেশসমূহত চাইকেলৰ আদৰ বৃদ্ধি পাইছে যদিও ভাৰতৰ দৰে দেশত চাইকেলৰ উপযোগিতা যেন বহুতে উপলদ্ধি কৰিব পৰা নাই। তথাপিও নৱ প্ৰজন্মৰ মাজত শেহতীয়াকৈ আধুনিক চাইকেলৰ ব্যৱহাৰ বাঢ়িছে। একাংশৰ হেপাঁহ আৰু বহুজনৰ আজিও জীৱিকাৰ একমাত্ৰ সম্বল হোৱা বাইচাইকেলখনৰ ক্ৰমবিকাশক লৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন…

এটা সময় আছিল পৰিবহণৰ মাধ্যম আছিল কেৱল মাঁথো ঘোৰা নহলে নিজা ভৰিদুখন। কিন্তু তাৰ পাছতেই দুটা চকা, এটা ছীট, হেণ্ডেল আৰু মাত্ৰ কেইটামান সামগ্ৰী সংযোগ কৰি আৱিষ্কাৰ কৰা হৈছিল পৰিবহণৰ বাবে এবিধ সুবিধাদায়ক যন্ত্ৰ, যাৰ নাম দিয়া হৈছিল চাইকেল। বিনা ইন্ধন, বিনা প্ৰদূষণৰ মাজেৰে আজিৰ পৰা প্ৰায় ১৮শতিকাতে আৱিষ্কাৰ কৰা হৈছিল আমাৰ সকলোৰে সহোদৰ এই 'চাইকেল'খন। আৰু আজি চাইকেলখনক কেন্দ্ৰ কৰিয়েই পালন কৰা হয় বিশ্ব বাইচাইকেল দিৱস…

২০১৮ চনৰ ৩জুনৰ দিনটোতেই ৰাষ্ট্ৰসংঘই বিশ্ব বাইচাইকেল দিৱস পতাৰ কখা ঘোষণা কৰিছিল। ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্তই সকলোকে আনন্দিত কৰিছিল। লগতে প্ৰায় দুই শতককাল চাইকেলৰ সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্যতা, পৰিৱেশ প্ৰদূষণৰ মাত্ৰা হ্ৰাস হোৱাৰ উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধ্যাপক লেচজেক চিবিলস্কীয়ে তেওঁৰ সমাজশাস্ত্ৰ বিষয়ৰ শ্ৰেণীত তৃণমূল পৰ্যায়ত বিশ্ব চাইকেল দিৱসৰ ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰ বাবে এক অভিযানৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁৰ এই অভিযানে তুৰ্কীকে ধৰি প্ৰায় ৫৬ খন দেশৰ সমৰ্থন লাভ কৰে। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘ চৰকাৰী বগা আৰু নীলা ৰঙৰ লগ'টো আইজাক ফেলডে নিৰ্মাণ কৰিছিল আৰু অধ্যাপক জন ই. শ্বানচনে ইয়াৰ লগত থকা এনিমেশ্যন প্ৰস্তুত কৰিছিল। এই লগ'টোত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চাইকেল আৰোহী ক্ৰমবিকাশৰ এক আভাস দেখুওৱা হৈছে।

শতিকা ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই বিগত সময়ত দেখুৱাই দিছে স্বাস্থ্য সন্দৰ্ভীয় বহু ইতিবাচক দিশ। সুস্বাস্থ্যৰ বাবে চাইকেলৰ উপযোগিতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয়। কিন্তু বৰ্তমান আমি ব্যৱহাৰ কৰা চাইকেলখনৰ আকৃতি-অৱয়ৱ পূৰ্বতে এনে ধৰণৰ নাছিল । চাইকেলৰ ইতিহাসৰ পম খেদিলে আমি জানিব পাৰিম বহুতো নজনা কখা।

চাইকেলৰ আৱিষ্কাৰ যিমান সহজ বুলি ভবা যায়, সিমান সহজ নাছিল। চাইকেলৰ আৱিষ্কাৰক হিচাপে আমি সকলোৱে জাৰ্মানীৰ ইঞ্জিনিয়াৰ বেৰ'ণ কাৰ্ল ভ'ন ড্ৰেইছক জানো। কিন্তু চাইকেল সময়ৰ গতিত বহু সালসলনি কৰা হৈছে। ১৮১৬ চনত ড্ৰেইছে সম্পূৰ্ণ কাঠেৰে প্ৰথমখন চাইকেলৰ আৱিষ্কাৰ কৰিছিল আৰু এই চাইকেলখনৰ নাম দিয়া হৈছিল 'ডাণ্ডী হ'ৰ্ছ'।

এই চাইকেলখনৰ মাত্ৰ প্ৰথম চকাটোহে ঘুৰাব পাৰিছিল আৰোহীয়ে, কিন্তু আগুৱাই যাবলৈ ভৰিৰে মাটিত ঠেলিব লগা হৈছিল। এই বাইচাইকেল খন সম্পুৰ্ণ কাঠেৰে নিৰ্মাণ কৰা হৈছিল। এই চাইকেলখনত চালকে সন্মুখীন হোৱা এই অসুবিধাৰ ফলতেই এটা সময়ত আৱিষ্কাৰ হৈছিল পেডেলৰ।

'অভাৱেই আৱিষ্কাৰৰ মূল'। ড্ৰেইছৰ ডাণ্ডী হ'ৰ্ছ নামৰ চাইকেলখনত চালকে সন্মুখীন হোৱা এই অসুবিধাৰ ফলতেই পেডেলৰ আৱিষ্কাৰ হৈছিল । ১৮৩৯ খ্ৰীষ্টাব্দত স্কটলেণ্ডৰ কিৰপ্ৰেট্ৰিক মেকমিলান নামৰ এগৰাকী কমাৰে বাইচাইকেল তৈয়াৰ কৰি পেডেল লগাই দিলে, যাতে পাহাৰৰ ওপৰলৈ উঠি যাব পাৰি। কিন্তু চালকে ভৰিৰে ঠেলি ঠেলি চলোৱাৰ ফলত ভাগৰি পৰা দেখি তেওঁ চাইকেলত কিছু সালসলনি কৰাৰ কথা চিন্তা কৰো হ'ল।

নিজৰ ঘৰৰে গেৰেজত কিৰ্কপেট্ৰিক মেকমেলেনে চাইকেলৰ কিছু পৰীক্ষামূলক সালসলনি সালসলনি কৰে আৰু চাইকেলত পেডেল সংযোগ কৰে। মেকমেলেনৰ নতুন চাইকেলখনো কাঠেৰেই বনোৱা হৈছিল যদিও অধিক শক্তিশালী কৰিবলৈ তেওঁ চাইকেলৰ চকাৰ ৰিঙত লোহাৰ ব্যৱহাৰ কৰিছিল। এই চাইকেলখনৰ ওজন আছিল প্ৰায় ২৪ কেজি।

লাগে লাগে চাইকেলৰ আৰু বিকাশ হ'ল। ১৮৭০চনলৈকে চাইকেল সম্পূৰ্ণ ধাতুৰে নিৰ্মাণ কৰা হয়। লগতে ৰবৰৰ টায়াৰো ব্যৱহাৰ কৰা হয় চাইকেলত। ৰবৰৰ ব্যৱহাৰৰ পাছতেই চাইকেলৰ যাত্ৰা আৰু অধিক আৰামদায়ক হৈ পৰে। ১৮৭০চনৰ পৰা ১৮৮০চনলৈ এই নতুন সুবিধা থকা চাইকেলখন আমেৰিকাত জনপ্ৰিয় হৈ পৰে আৰু জনাজাত হৈ পৰে 'পেনী ফাৰ্থিং'নামেৰে।

পেনী ফাৰ্থিঙৰ আগৰ চকাটো ডাঙৰ আৰু পিছৰ চকাটো তুলনামূলকভাৱে বহু সৰু আছিল। যাৰ ফলত প্ৰায় দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল। তাৰ পাছত আকৌ আৰামদায়ক হোৱাৰ লগতে সুৰক্ষিত চাইকেল নিৰ্মাণৰ বাবে কাম আৰম্ভ হয়। বহু বছৰলৈ কোনো সমাধান বিচাৰি পোৱা হোৱা নাছিল যদিও, প্ৰায় ১৮৯০চনত জে কে ষ্টাৰলে' নামৰ এজন লোকে এখন নতুন চাইকেল নিৰ্মাণ কৰে যাক 'দ্য ৰ'ভাৰ ছেফটী চাইকেল' নাম দিয়া হয়।

এইখনেই প্ৰথমখন চাইকেল আছিল যিখন কেৱল আৰামদায়ক তথা মনোৰঞ্জনৰ লগতে সুৰক্ষাৰো দিশসমূহ চোৱাচিতা কৰি নিৰ্মাণ কৰা হৈছিল। এই চাইকেলখনৰ বিশেষত্ব আছিল-পূৰ্বৰ চাইকেলৰ দৰে এইখনত পেডেল আগৰ চকাৰ পৰিৱৰ্তে পিছৰ চকাৰ সৈতে সংযুক্ত। আৰু ইয়াৰ পাছতেই চাইকেলৰ বিকাশ তীব্ৰগতিত হ'বলৈ ধৰে।

ইফালে, চাইকেলৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বৃদ্ধি হ'বলৈ ধৰে। ১৯২০চনত পোনপ্ৰথমবাৰৰ বাবে শিশুসকলৰ বাবেও নিৰ্মাণ কৰা হ'ল চাইকেল। শিশু, কিশোৰ, যুৱক-যুৱতী সকলোৱে চাইকেল চলাবলৈ আৰম্ভ কৰিলে। কিন্তু চাইকেল কেৱল পৰিবহনৰ দিশতেই সীমাৱদ্ধ হৈ নাথাকিল ১৯৬০চনলৈ চাইকেলে ইমানেই সমাদৰ লাভ কৰে যে ৰেচিঙতো চাইকেলৰ ব্যৱহাৰ আৰম্ভ হ'ল। সময়ৰ সোতত চাইকেলত বহু সালসলনি কৰা হৈছে আৰু বৰ্তমান সময়লৈকেও চাইকেল আৰু অধিক উন্নত কৰাৰ বাবে কাম কৰি থকা হৈছে। প্ৰথমে কেৱল পেডেলেৰে চলোৱা চাইকেলত গিয়াৰো উপলব্ধ কৰোৱা হ'ল।

বৰ্তমানৰ ডিজিটেল যুগৰ প্ৰভাৱ অৱশ্যে চাইকেলতো নপৰা নহয়। বিভিন্ন ধৰণৰ ধাতুৰে চাইকেল নিৰ্মাণ কৰাৰ লগতে এতিয়া নতুনকৈ ইলেক্ট্ৰনিক চাইকেল ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ পেডেলৰ লগতে বেটাৰীও সংযোগ কৰা হ'ল চাইকেলত।

চাইকেল চলোৱা স্বাস্থ্যৰ বাবে লাভকাৰক। প্ৰাক স্বাধীনোত্তৰ কালৰ পৰা প্ৰায় ৯০ দশকলৈকে মানুহৰ চলাচলৰ একমাত্ৰ আহিলা আছিল চাইকেলখন । চিকিৎসকৰ পৰামৰ্শ অনুসৰিও চাইকেল ব্যৱহাৰে নিৰোগী জীৱন প্ৰদান কৰে ।বহু জটিল বেমাৰৰ সমাধানৰ পথ হিচাপেও চাইকেল বিবেচিত হৈছে । বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয়।

তাহানিৰে পৰা চাইকেলে মানৱতাক সেৱা আগবঢ়াই আহিছে।দৰিদ্ৰজনৰ পৰা ধনীজনলৈ এই বাইচাইকেল এসময়ত ত্ৰাণকৰ্তা সদৃশ আছিল ।দূৰদূৰণীৰ গাঁৱলৈ গৈ আত্মীয়জনক দেখা কৰাৰ পৰা আৰম্ভ কৰি বেমাৰী, নিচলাজনৰ সহায় কৰাৰ পৰত চাইকেলখন লগৰীয়া সদৃশ আছিল। দশকৰ পাচত দশক চাইকেলখন আমাৰ ঐতিহ্যবহনকাৰী হিচাপেও চিহ্নিত হৈ আহিছে । অসমীয়া গীত-মাত, কবিতা-উপন্যাস,গল্প-প্ৰৱন্ধত চাইকেলখনে এক সুকীয় স্থান দখল কৰি আহিছে। আজিও বহুস্থানত ডাকোৱালজনে আহিলা হিচাপে চাইকেলখনেই ব্যৱহাৰ কৰে।

বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে জাতি, বৰ্ণ, লিংগ, বয়স ভেদে উদযাপন কৰা হয়। "চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক বুলিও একাংশই কব খোজে । সুস্বা্স্থ্য, প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে চাইকেলৰ প্ৰয়োজনীয়াক কোনোৱে নুই কৰিব নোৱাৰে। বিশ্ব বহু উন্নত দেশত শেহতীয়াকৈ চাইকেলক পৰিবহন ক্ষেত্ৰচ উচ্চ স্থান দিয়া হৈছে, কিন্তু নিৰ্দিষ্ট এটা দিনত চাইকেলৰ ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰিলে কোনো সুফল পোৱা নাযায়। বছৰটোৰ ৩৬৫ দিনৰ ভিতৰত মাত্ৰ এদিন চাইকেল চলোৱাই হয়তো চাইকেল দিৱস আয়োজনৰ প্ৰকৃত উদ্দেশ্য সিদ্ধি নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in