বিশ্ব বেংকৰ অধ্যক্ষ পদৰ দৌৰত ভাৰতীয় মহিলা…

বিশ্ব বেংকৰ অধ্যক্ষ পদৰ দৌৰত ভাৰতীয় মহিলা…

ডিজিটেল ডেস্কঃ বিশ্ব বেংকৰ অধ্যক্ষ পদৰ দৌৰত এইবাৰ ভাৰতীয় মহিলা। নাম ইন্দিৰা নুই। চেন্নাইত জন্মগ্ৰহণ কৰা ৬৩ বছৰীয়া ইন্দিৰা নুই বিশ্ব বেংকৰ অধ্যক্ষ পদৰ বাবে এগৰাকী অন্যতম দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সংবাদ পত্ৰ 'নিউৰ্য়ক টাইমছ'ৰ মতে, আমেৰিকা চৰকাৰে বিশ্ব বেংকৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে ইন্দিৰা নুইৰ নাম বিশেষভাৱে চিন্তা-চৰ্চা কৰিছে।

ইন্দিৰা নুইক সমৰ্থন জনাইছে আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জীয়াৰী ইবাঙ্কা ট্ৰাম্পে। এইবাৰৰ বিশ্ব বেংকৰ অধ্যক্ষ নিৰ্বাচন প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰিছে ডনাল্ড ট্ৰামম্পৰ জীয়াৰী ইবাঙ্কাই। খবৰ অনুসৰি অধ্যক্ষ নিৰ্বাচনী প্ৰক্ৰিয়া বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়তে আছে। সাধাৰণতে এনে গুৰুত্বপূৰ্ণ পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত শেষৰলৈকে থকাটোও বহু জটিল।

কিন্তু ইন্দিৰা নুইৰ কৰ্মদক্ষতা আৰু তেওক ট্ৰাম্পৰ জীয়াৰীয়ে সমৰ্থন কৰালৈ লক্ষ্য ৰাখি ইন্দিৰা নুইৰ এই যাত্ৰা সফল হ'ব বুলিও বহু বিশ্লেষকে মত আগবঢ়াইছে। উল্লেখ্য যে, জানুৱাৰী মাহতে বিশ্ব বেংকৰ বৰ্তমানত অধ্যক্ষ জিম যৌঙ্গ কিমে ফেব্ৰুৱাৰী মাহত পদত্যাগৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে বিশ্ব বেংকৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

কোন এই ইন্দিৰা নুই?

৬৩ বছৰীয়া ইন্দিৰা নুই জন্মগ্ৰহণ কৰিছিল চেন্নাইত । কেইবাটাও প্ৰতিষ্ঠানত গুৰুত্বপূৰ্ণ পদত কাম কৰা ইন্দিৰা ১৯৯৪ চনত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান 'পেস্পিকৌ'ত যোগদান কৰিছিল। ২০০৬ চনত এই প্ৰতিষ্ঠানটোৰে মুখ্য কাৰ্যবাহী সঞ্চালক পদত অধিষ্ঠিত হয় ইন্দিৰা নুই। সেই পদত থাকি প্ৰতিষ্ঠানটো সুচাৰুভাৱে পৰিচালনা কৰাৰ লগতে প্ৰতিষ্ঠানটোক দক্ষতাৰে নেতৃত্বও দিছিল।

১২ বছৰ সেই পদত থকাৰ পাছত ইন্দিৰাই সেই পদৰ পৰা পদত্যাগ কৰে। বিশ্বৰ আগশাৰীৰ আলোচনী ফ'ৰ্বছত সমগ্ৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকাত কেইবাবাৰো স্থান পাইছে ইন্দিৰা নুইয়ে। ২০১৭ চনত এই তালিকাত ১১ সংখ্যক স্থানত আছিল নুই। ২০০৭ চনত ভাৰত চৰকাৰে তেওক পদ্ন বিভূষণ সন্মানেৰেও বিভূষিত কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in