বিশ্ব বেংকৰ মানৱ সম্পদ সূচাংকৰ তালিকা প্ৰকাশঃ ১১৬ স্থানত ভাৰত…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বিশ্ব বেংকৰ শেহতীয়া বছৰেকীয়া সংশোধনী অনুসৰি মানৱ সম্পদ সূচকৰ তালিকাত ভাৰতে ১১৬ স্থান লাভ কৰিছে। বুধবাৰে প্ৰকাশ পোৱা এই তালিকামতে ভাৰতৰ ১০১৮ ৰ সূচাংক ০.৪৪ৰ পৰা বৃদ্ধি হৈ ২০২০ বৰ্ষত ০.৪৯ হৈছেগৈ।

২০২০ চনত ১৭৪ খন দেশৰ  প্ৰায় ৯৮ শতাংশ জনসংখ্যাৰ মাজত স্বাস্থ্য  আৰু শিক্ষাক সাঙুৰি লোৱা হৈছিল । এই পিয়লত জানিবলৈ পোৱা মতে মহামাৰীৰ পূৰ্বে অধিকাংশ দেশেই শিশুৰ বিকাশৰ যথেষ্ট উন্নতি কৰিছিল।

বিশ্ব বেংকৰ দলীয় প্ৰধান ডেবিদ মালপাছৰ ভাষ্য অনুসৰি এই মহামাৰীয়ে দশকৰ প্ৰগতিত ব্যাঘাত জন্মালে ।বিশেষকৈ মহিলাৰ ওপৰত আৰু বস্তিৰ পৰিয়ালৰ খাদ্য সুৰক্ষা তথা আৰ্থিক অৱস্থাত অতি ঋণাত্মকভাৱে প্ৰভাৱ পেলাইছে এই মহামাৰীয়ে ।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত ভাৰতে মানৱ সম্পদ সূচাংকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে পূৰ্বৰ ১৫৭ খন দেশৰ ভিতৰত ১১৫ স্থানত থকাৰ বিপৰীতে এইবছৰ ১৭৪ খন দেশৰ ভিতৰত ভাৰতে ১১৬ স্থান পাইছেগৈ।     

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in