বিশ্ব এথলিট চেম্পিয়নশ্বিপৰ ২৫জনীয়া ভাৰতীয় দলত হিমা দাস…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ২৭ ছেপ্তেম্বৰৰ পৰা ডোহাত অনুষ্ঠিত হ'ব লগা বিশ্ব এথলিট চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছিল হিমা দাস। ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা হিমাই এইবাৰ ৪x৪০০ মিটাৰ ৰীলে ৰেচত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পৰা যাব লগা ২৫ জনীয়া দলটোত নাম সন্নিৱিষ্ট হৈছে হিমা দাসৰ।

এটা মাহৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় খেলত কেইবাটাও স্বৰ্ণ পদক অৰ্জন কৰা হিমা দাসে বিশ্ব এথলিট চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, বিশ্ব এথলিট চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত অংশ লোৱাৰ যোগ্যতা অৰ্জনৰ বাবে প্ৰয়োজন হয় ৫১.৮০ ছেকেণ্ডৰ। কিন্তু ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসক শেহতীয়াকৈ ইয়াৰ বাবে প্ৰয়োজন হৈছিল ৫২.০১ ছেকেণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in