দক্ষিণ শালমাৰাত বিশ্ব এইডছ দিৱস পালন

দক্ষিণ শালমাৰাত বিশ্ব এইডছ দিৱস পালন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে দক্ষিণ শালমাৰাতো বিশ্ব এইডছ দিৱস পালন কৰা হয় ৷ দক্ষিণ শালমাৰাৰ শালমাৰা কলেজত দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব এইডছ দিৱস পালন কৰা হয় ৷

উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (হেড কোৱাৰ্টাৰ) ড৹ ছিৰাজুল হকে ৷ স্থানীয় ৰাইজ, এ এন এম, আশা, দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয় ববীয়া সকল, বি পি এম, বি চি এম, বি ডি এম আদিৰ লগতে দক্ষিণ শালমাৰা আমছুৰ কৰ্মকৰ্তা সকলৰ উপস্থিতিত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড৹ আজাদ আলী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (হেড কোৱাৰ্টাৰ) ড৹ ছিৰাজুল হক, পিৰামল ফাউণ্ডেচনৰ খণ্ড পূৰান্তৰণ বিষয়া ছিৰাজুল ইছলাম আদি ব্যক্তি সকলে কাৰ্য্যসূচীত উপস্থিত থাকি বিশ্ব এইডছ দিৱস সম্পৰ্কে বিস্তৃত বক্তব্য আগবঢ়ায় ৷ আনহাতে আজি উক্ত কাৰ্য্যসূচীতে এ এন এম সকলক অনমল টেবলেটো বিতৰন কৰে মহকুমা স্বাস্থ্য আৰু চিৰিৎসা বিষয়া দ্বয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in