২০২০ৰ পহিলা দিনটোত ভাৰত, আমেৰিকা, চীনত কিমান শিশুৰ জন্ম হ’ব…

২০২০ৰ পহিলা দিনটোত ভাৰত, আমেৰিকা, চীনত কিমান শিশুৰ জন্ম হ’ব…

ডিজিটেল ডেস্কঃ ২০২০চনৰ পহিলা দিনটোত ভাৰতত জন্ম হ'ব প্ৰায় ৬৭ হাজাৰ ৩৮৫ টা শিশু। অথাৎ সমগ্ৰ বিশ্বত ১ জানুৱাৰীৰ দিনটোত জন্ম হোৱা প্ৰতি ১০০টি শিশুৰ ভিতৰত ১৭ টিয়েই হ'ব ভাৰতীয়। শেহতীয়াকৈ সমীক্ষাৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে UNICEFয়ে।

UNICEFয়ে প্ৰকাশ কৰা তথ্যনুসৰি, সমগ্ৰ বিশ্বত ২০২০ৰ পহিলা দিনটোত জম্ম হ'ব প্ৰায় ৩ লাখ ৯০ হাজাৰ ৭৮ টি শিশু। নতুন বছৰটিত প্ৰথমটো শিশু জন্ম হ'ব ফিজিত। আৰু বছৰটোৰ পহিলাদিনটোত শেষৰটি শিশু জন্ম হ'ব আমেৰিকাত।

বছৰৰ পহিলা দিনটোত সৰ্বাধিক শিশু জন্ম হোৱা তালিকাখনত প্ৰথমস্থানত আছে ভাৰত। ইয়াৰ পিছতে আছে চীন। বছৰৰ পহিলা দিনটোত চীনত জন্ম হ'ব ৪৬,৩৯৯ টা শিশু। এই তালিকাৰ তৃতীয়স্থানত আছে নাইজেৰিয়া, এই দেশখনত ১ জানুৱাৰীত জন্ম হ'ব ২৬,০৩৯ টি শিশু। একেদৰে পাকিস্তানত পহিলা দিনটোতে জন্ম হ'ব ১৬,৭৮৭ টি শিশু। আমেৰিকাত জন্ম হ'ব ১০,৪৫২ টা শিশু, কংগোত ১০,২৪৭ টা, ইথিঅ'পিয়াত ৮,৪৯৩ টা আৰু ইণ্ডোনেছিয়াত ১৩,০২০ শিশু জন্ম হ'ব বছৰৰ পহিলা দিনটোত।

উল্লেখ্য যে, প্ৰত্যেক বছৰৰ পহিলাদিনটোত UNICEFয়ে এইধৰমৰ সমীক্ষা প্ৰকাশ কৰে। ২০১৮চনৰ পহিলা মাহটোত সমগ্ৰ বিশ্বত মৃত্যু হৈছিল প্ৰায় ২৫ লাখ শিশু। ইয়াৰ বিপৰীতে প্ৰতি বছৰে সমগ্ৰ বিশ্বত ২৫ লাখ শিশু মৃত হিচাপে জন্ম হয়। UNICEF কাৰ্যকৰী নিৰ্দেশক হেনৰিচতা ফ'ৰে সংবাদ মাধ্যমৰ সন্মুখত কয়, শিশুসকল হৈছে আমাৰ ভৱিষ্যত। গতিকে তেওলোকৰ সুস্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাটো সকলোৰে দায়িত্ব।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in