অসমত দ্ৰুতহাৰত বৃদ্ধি পাইছে ধঁপাত সেৱনকাৰীৰ সংখ্যা

অসমত দ্ৰুতহাৰত বৃদ্ধি পাইছে ধঁপাত সেৱনকাৰীৰ সংখ্যা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ বাবে কাম কৰি অহা নতুন দিল্লীৰ 'কনজিউমাৰ ভয়েছ' আৰু অসমৰ 'কনজিউমাৰচ লীগেল প্ৰটেকশ্যন ফৰাম'ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। ধঁপাত ব্যৱহাৰৰপৰা যুৱ প্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰে আয়োজিত কৰ্মশালাখনত উপস্থিত থাকি কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ আইন আৰু প্ৰকল্প উপদেষ্টা অমৰজিত সিং পংগলে কয়, ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাবে পৌৰ নিকায় নিগমৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰিবলৈ ২০১৭ চনতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কঠোৰ নিৰ্দেশ দিছিল। কিন্তু বৰ্তমানপৰ্যন্ত অসম চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰী নকৰিলে।

গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়কে ধৰি ৰাজ্যত চলোৱা এক সমীক্ষাৰপৰা স্পষ্ট হৈ পৰিছে যে, অসমত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা হৈ আছে। কৰ্মশালাত উপস্থিত থাকি 'কনজিউমাৰচ লীগেল প্ৰটেকশ্যন ফৰাম'ৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত ব্যৱহাৰ পূৰ্বৰ তুলনাত ৬% হ্ৰাস পোৱাৰ বিপৰীতে অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৯% বৃদ্ধিহে পাইছে।

কৰ্মশালাত যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰপৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ডাঃ শ্ৰাৱনা মিশ্ৰ ভাগৱতী, অসম চৰকাৰৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডাল বিষয়া ডাঃ অৰুন্ধতী ডেকা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰতুল ফুকন আৰু এনইএফ ল কলেজৰ সহকাৰী অধ্যাপকদ্বয় কৰবী বৰ্মন আৰু ডঃ ৰেহানা চুলতানা চৌধুৰীয়ে বিস্তৃতভাৱে আলোচনা আগবঢ়ায়।

কৰ্মশালাখনত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰ নিকায় নিগমৰ ভূমিকা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনন্দিতা চন্দা, সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক সুস্মিতা গোস্বামীয়ে মতামত আগবঢ়ায়। ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্রণ কাৰ্যসূচীৰ জ্যেষ্ঠ ৰাজ্যিক পৰামৰ্শদাতা আৰ্জু দত্ত বিশেষ অতিথি হিচাপে কৰ্মশালাখনত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in