নুমলীগড়ত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ…

নুমলীগড়ত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা অবৈধভাৱে অনা কাঠ ভর্তি এখন ১২চকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় নুমলীগড়ৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ে। অৰুণাচলৰ পৰা নামনিৰ অজ্ঞাত স্থানলৈ বৃহৎ পৰিমাণৰ অবৈধ ট্ৰাক ভৰ্তি কাঠখিনি নিয়াৰ পথত নুমলীগড়ৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ে ট্ৰাকসহ অবৈধ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। লগতে ট্ৰাকখনৰ চালক তিনিচুকীয়াৰ ৰাজেশ ৰায় আৰু হেণ্ডিমেন সহ দুজন লোকক আটক কৰে।

আনহাতে কেনেকৈ অৰুণাচল পৰা অসম আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি এএছ০১ ইডি৯৭০৬ নম্বৰৰ অবৈধ কাঠভৰ্তি ট্ৰাক খন নুমলীগড় পালেহি তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। অভিযোগ অনুসৰি, আৰক্ষী আৰু বন বিভাগক মেনেজ কৰিয়েই দীর্ঘ দিন ধৰি ৰাজ্যৰ বন মাফিয়াই অৰুণাচলী অবৈধ কাঠৰ এখন বৃহৎ ক'লা বজাৰ চলাই আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in