সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

ডিজিটেল ডেস্কঃ চলিত সপ্তাহতে বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিন্তু প্ৰধানমন্ত্ৰীৰ এই বিদেশ ভ্ৰমণৰ পূৰ্বে পুনৰ এবাৰ নিজৰ আচল ৰূপ দেখুৱাইছে পাকিস্তানে। জম্মু-কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি থকা পাকিস্তানে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানক পাকিস্তানৰ আকাশীপথ ব্যৱহাৰত অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে।

ইয়াৰ পূৰ্বে শত্ৰুৰাষ্ট্ৰখনে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ বিদেশ ভ্ৰমণৰ সময়তো পাকিস্তানৰ আকাশীপথ ব্যৱহাৰৰ বাবে ভাৰতৰ আবেদন খাৰিজ কৰিছিল আৰু ৰাষ্ট্ৰপতিৰ বিমানখনক পাকিস্তানৰ এয়াৰস্পেছ ব্যৱহাৰত অনুমতি দিয়া নাছিল।

অহা ২১ ছেপ্টেম্বৰত এসপ্তাহৰ ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিন্তু প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পূৰ্বে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমানক পাকিস্তানৰ এয়াৰস্পেছ ব্যৱহাৰত অনুমতি প্ৰদান নকৰা সন্দৰ্ভত জানিবলৈ দিয়ে। লগতে পাক বিদেশ মন্ত্ৰীজনে এই সন্দৰ্ভত ভাৰতীয় উচ্চায়োগক অৱগত কৰা বুলিও সদৰী কৰে এটা পাক সংবাদ মাধ্যমত।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ আইছলেণ্ড, শ্লোভানিয়া আৰু চুইজাৰলেণ্ডলৈ যোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বে পাক বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ বিমানে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা বুলি জনাইছিল।চৰকাৰী প্ৰচাৰক পিটিবিৰ সৈতে হোৱা বাৰ্তালাপত কুৰেশ্বীয়ে জম্মু-কাশ্মীৰৰ অশান্ত পৰিস্থিতিৰ বাবেই প্ৰধানমন্ত্ৰী ইমৰান খানে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in