আজৱ ক্ৰিকেট! ৫০ অভাৰৰ খেলত ৫৭১ ৰানত জয়ী অষ্ট্ৰেলিয়াৰ এই দলটো

আজৱ ক্ৰিকেট! ৫০ অভাৰৰ খেলত ৫৭১ ৰানত জয়ী অষ্ট্ৰেলিয়াৰ এই দলটো

ডিজিটেল ডেস্কঃ এখন আজৱ, আমোদজনক এদিনীয়া ক্ৰিকেট মেচ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এই মেচখন উপভোগ কৰি সম্পূৰ্ণ নতুন অভিজ্ঞতা লাভ কৰে প্ৰতিজন দৰ্শকে।

সকলোকে হতবাক কৰি ৫০ অভাৰৰ খেলখনত ৫৭১ ৰানৰ বিশাল ব্যৱধানত বিজয় সাব্যস্ত কৰে এটা দলে। প্ৰথম শ্ৰেণীৰ এই মেচখন অনুষ্ঠিত হৈছিল নৰ্দান ডিষ্ট্ৰিক্ট আৰু পৰ্ট এডিলেইডৰ মাজত।

প্ৰথম বেটিং আৰম্ভ কৰি নৰ্দান দলে নিৰ্ধাৰিত ৫০ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৫৯৬ ৰান। দলটোৰ ৪গৰাকীকৈ খেলুৱৈয়ে স্ক'ৰ কৰে শতৰাণ। এই খেলুৱৈ ৪গৰাকী হৈছে টেগান মেকফাৰলিন, টেবি ছেভাইল, ছেম বেটছ আৰু ১৫ বছৰীয়া ডাৰ্ছি ব্ৰাউন।

দলটোৰ প্ৰথমটো উইকেটৰ পতন ঘটে ২৪৯ ৰানত, দ্বিতীয় আৰু তৃতীয়টো উইকেটৰ পতন ঘটে ৩০৮ ৰানত। কেৱল বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰ বৰষুণ প্ৰত্যক্ষ কৰি বিস্ময়াভিভূত হৈ পৰে উপস্থিত প্ৰতিজন দৰ্শক।

পিছে খেলখনত সকলোৰে বাবে ৰৈ আছিল আন এক বিস্ময়। বেটিঙত সকলোকে অবাক কৰি তোলা ধৰণৰ খেল প্ৰদৰ্শন কৰা দলটোৱে বলিঙেৰে যি চমক দিয়ে সেয়া প্ৰত্যক্ষ কৰি চকু থৰ হৈ পৰে। কিয়নো নৰ্দানে নিৰ্ধাৰণ কৰি দিয়া বিশাল পৰ্বতসম বিজয় লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা পৰ্ট এডিলেইড দলটো মুহূৰ্ততে তছনছ হৈ পৰে।

এগৰাকী ভাৰতীয় মূলৰ বেটছমেন থকা দলটো নৰ্দানৰ বলাৰৰ সমুখত তিষ্ঠিব নোৱাৰি ১০.৫ অভাৰত মাত্ৰ ২৫ ৰানতে অলআউট হয়। ভাৰতীয় মূলৰ প্ৰতিভা কাপুৰে স্ক'ৰ কৰে সৰ্বাধিক ৯ ৰান। এনে এখন খেল প্ৰত্যক্ষ কৰি প্ৰতিজন দৰ্শকে খেলখনক আজৱ আখ্যা দিছে। বিশ্বৰ সংবাদ মাধ্যমেও খেলখনক আজৱ আখ্যাৰে অভিহিত কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তৰ্জাতিক এদিনীয়াত নিউজীলেণ্ডৰ মহিলা দলটোৱে সৰ্বাধিক ৪৯০ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ ৪ উইকেট হেৰুৱাই দলটোৱে এই বিশাল স্ক'ৰ সংগ্ৰহ কৰিছিল যদিও বিশ্বৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ইমান বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰা খেল এইখনেই প্ৰথম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in