কোৰোনা যুদ্ধত পুৰুষতকৈ অধিক সফল নাৰী…

কোৰোনা যুদ্ধত পুৰুষতকৈ অধিক সফল নাৰী…

কোৰোনাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলা অধিক ভাগ্যৱান নেকি! বহু সমীক্ষা আৰু একাংশ দেশৰ কোৰোনাকেন্দ্ৰিক শেহতীয়া স্থিতিক লৈ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

প্ৰতিটো মুৰ্হূততে বৃদ্ধি পোৱা কোৰোনাত আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰি তুলিছে বিশ্বসবাসীক। ৫৮ লাখ আক্ৰান্ত আৰু ৩লাখ ৫৮হাজাৰো অধিক লোকৰ প্ৰাণ লোৱা অতিমাৰী কোৰোনাই শেহতীয়াকৈ ভাৰততো অত্যাধিক পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে। ইতিমধ্যে ডেৰলাখৰো অধিক লোক আক্ৰান্ত হোৱা ভাৰত বিশ্বৰ সৰ্বাধিক আক্ৰান্ত ১০খন দেশৰ ভিতৰত স্থান পাইছে। প্ৰতিটো দিনতে ৬০০০ হাজাৰো অধিক লোক আক্ৰান্ত হোৱা ভাৰতত আগন্তুক ১০দিনৰ ভিতৰত ২লাখ সীমা অতিক্ৰম কৰাটো প্ৰায় নিশ্চিত।

কোৰোনাত আক্ৰান্ত সংখ্যা অতি ভয়াৱহভাৱে বিশ্ব তথা দেশত বৃদ্ধি পাইছে যদিও তাৰ মাজতে আন এক সমীক্ষাই কিছুদিনৰ পৰা সংবাদমাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। ছ'চিয়েল মিডিয়াতো অতিকৈ চৰ্চিত এই বিষয়টো হৈছে, কোৰোনাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলা অধিক ভাগ্যৱান নেকি!

এটা কথা স্পষ্ট যে, কোৰোনা ভাইৰাছে লিংগ বিচাৰ কৰি আক্ৰমণ নকৰে। অসাৱধানতা, অসচেনতাৰে থকা সকলো লোকক পুৰুষ-মহিলা নিৰ্বিশেষে কোৰোনাই আক্ৰমণ কৰা অধিক স্থল থাকে।

যদিও কোৰোনা ভাইৰাছে লিংগ বিচাৰ কৰি আক্ৰমণ নকৰে, তথাপিও কিছু বিশেষ কাৰণত যে মহিলাৰ দেহত সহজে কোৰোনা প্ৰৱেশ কৰিব নোৱাৰে এই কথা বিগত সময়ত প্ৰমাণ হৈছে। বিগত সময়ত বহু তথ্য পোহৰলৈ আহিছে যিবোৰে প্ৰমাণ কৰে যে মহিলাতকৈ পুৰুষক কোৰোনাই সহজে আক্ৰমণ কৰে।

এই কথাৰ প্ৰমাণ হিচাপে আমি প্ৰথমে চীনৰ এক তথ্য প্ৰমাণ হিচাপে লব পাৰো। আন্তৰাষ্ট্ৰীয় স্বাস্থ্য সম্পৰ্কীয় এখন ই আলোচনীত প্ৰকাশ পাইছে যে, চীনত যেতিয়া প্ৰথম পৰ্যায়ত কোৰোনাৰ সংক্ৰমণ হৈছিল, সেই সময়ত ৱুহান প্ৰান্তৰ মহিলাতকৈ পুৰুষৰ মৃত্যুৰ সংখ্যা প্ৰায় ২.৪শতাংশ অধিক আছিল।

কেৱল চীনেই নহয়, যোৱা ৫ মে'ত নিউৰ্য়কত মৃত্যু হোৱা ১৯৬০০মৃ্ত্যু হোৱা লোকৰ ভিতৰত ৬০ শতাংশই আছিল পুৰুষ। ইয়াৰ উপৰিও কিছুদিনৰ পূৰ্বে আমেৰিকাত প্ৰায় ১৫লাখ লোকৰ কোৰোনা পৰীক্ষা কৰোৱা হৈছিল। এই ১৫লাখৰ ভিতৰত ৫৬শতাংশই আছিল মহিলা, এই ৫৬ শতাংশৰ ভিতৰত ১৬ শতাংশৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰিছিল। ইয়াৰ বিপৰীতে ৪৪শতাংশৰ পুৰুষৰ ২৩শতাংশৰ দেহত কোৰোনাৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছিল।

কেৱল আমেৰিকা বা চীনতেই নহয় কোৰোনাই সংহাৰ ৰূপ ধাৰণ কৰা ইটালীতো বহু সমীক্ষাত এনে তথ্যই পোহৰলৈ আহিছে। ভাৰতবৰ্ষতো PATIENT GENDERৰ ক্ষেত্ৰত এনে তথ্যই পোহৰলৈ আহিছে। এক সমীক্ষাত পোৱা গৈছে যে, ভাৰতত কোৰোনাত আক্ৰান্ত প্ৰায় ৬৬.৮শতাংশই হৈছে পুৰুষ আৰু বাকী ৩৩.২ শতাংশে মহিলা। https://www.covid19india.org/য়ে কৰা এক সমীক্ষাত এই তথ্য লাভ কৰিছিল।

কোৰোনাই যে মহিলাক সহজে আক্ৰমণ নকৰে, ওপৰত কিছু সমীক্ষাৰ তথ্য দাঙি ধৰা হল। এনে বহু সমীক্ষাই প্ৰমাণ কৰে যে পুৰুষতকৈ মহিলাৰ কোৰোনাৰ প্ৰতিৰোধী ক্ষমতা অধিক। দেহৰ প্ৰতিৰোধী ক্ষমতাৰ উপৰিও কোৰোনাৰ এই সংকটৰ সময়খিনিত সবল নেতৃত্ব দিয়াৰ ক্ষেত্ৰতো মহিলা পুৰুষতকৈ আগত আছে। সবল নেতৃত্বৰে কোৰোনা কবলৰ পৰা দেশবাসীক বহুখিনি ৰক্ষা কৰা ক্ষেত্ৰত শেহতীয়াকৈ চৰ্চালৈ আহিছে কেইবাখনো দেশৰ নেতৃত্বত থকা কেইগৰাকীমান মহিলা নেত্ৰী।

নিউজিলেণ্ডঃ

পৰ্যটনৰ ওপৰতে অধিক নিৰ্ভৰ কৰা প্ৰায় ৫ কোটি বসতি প্ৰধান দেশ নিউজিলেণ্ড কোৰোনাৰ পৰা প্ৰায় মুক্ত বুলিয়ে কব পাৰি। দেশখনত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে মাত্ৰ ১,৫০৪গৰাকী লোক আৰু মৃত্যু হৈছে ২১গৰাকী। কোৰোনাৰ এই বিধ্বংসী ৰূপৰ মাজত দেশখনক বচাই ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী Jacinda Ardernৰ সিদ্ধান্তসমূহ আছিল প্ৰশংসনীয়।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী Jacinda Ardern

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ২৩ মাৰ্চতে ৪ সপ্তাহৰ বাবে ঘোষণা কৰিছিল লকডাউন। জৰুৰীকালীন কাম-কাজৰ বাদে অন্য কোনো কামৰ বাবে জনতাক ওলাই আহিবলৈ অনুমতি প্ৰদান কৰা নাছিল চৰকাৰে। কোৰোনাৰ পৰা ৰক্ষা পৰা দেশক লৈ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে, সকলোৱে মিলি আমি এই ভাউৰাছক প্ৰতিৰোধ কৰিছো। জনস্বাস্থ্য সবল কৰাটো আমাৰ প্ৰধান লক্ষ্য।

জাৰ্মানীঃ

ইউৰোপীয় দেশসমূহৰ তুলনাত জাৰ্মানীত কোৰোনাৰ প্ৰকোপ কিছু পৰিমাণে কম,যদিও শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি পাইছে। ৮.৩ কোটি জনসংখ্যাৰ দেশখনত বৰ্তমানলৈ ১৮১,২৮৮গৰাকী লোক আক্ৰান্ত হৈছে যদিও মৃত্যুৰ সংখ্যা তুলনামূলকভাৱে কম। দেশখনত ৮,৪৯৮গৰাকী লোক বৰ্তমানলৈ মৃত্যু হৈছে। সমগ্ৰ দেশখনত অধিক পৰিমাণে কেয়াৰ চেন্টাৰৰ লগতে স্থাপন কৰা হৈছে টেষ্ট প্ৰগাম। মৃত্যুৰ কাৰণ কম হোৱাক লৈ সংবাদ মাধ্যমৰ আগত এগৰাকী বিজ্ঞানীয়ে মতপোষণ কৰিছে যে, মৃত্যুৰ হাৰ কম হোৱাৰ কাৰণ হল চৰকাৰৰ ওপৰত থকা জনতাৰ বিশ্বাস।

ফিনলেণ্ডঃ

কোৰোনাৰ যুঁজখনত সন্মুখৰ নেতৃত্ব দি জয়ী হোৱা আন এগৰাকী মহিলা নেত্ৰী হৈছে ফিনলেণ্ডৰ ৰাষ্ট্ৰধ্যক্ষ ছনা মৰিন। বিশ্বৰ সবাতোকৈ কম বয়সীয়া এই ৰাষ্ট্ৰ নেত্ৰীগৰাকীৰ সদুক্ষতাৰ বাবেই আজি ফিনলেণ্ডত কোৰোনাৰ প্ৰভাৱ যথেষ্ট কম। আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত অনুসৰি, ফিনলেণ্ডত ছচিয়েল মিডিয়াক সজাগতাৰ অন্যতম প্ৰধান কাৰন হিচাপে ব্যৱহাৰ কৰিছিল চৰকাৰে।

ফিনলেণ্ডৰ ৰাষ্ট্ৰধ্যক্ষ ছনা মৰিন

প্ৰায় ৫৫লাখ জনসংখ্যাৰ এই দেশখনত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৭৪৩গৰাকী আৰু ইয়াৰ ভিতৰত মৃত্যু হৈছে ৩১৩গৰাকী লোক। দেশখনত বৰ্তমানলৈ ১লাখ ৮০ হাজাৰ লোকৰ কোৰোনা পৰীক্ষাও সম্পন্ন কৰা হৈছে।

টাইৱানঃ

কোৰোনাক গুৰিতে পৰাস্ত কৰাৰ ক্ষেত্ৰত টাইৱানৰ মহিলা ৰাষ্ট্ৰপতি ছাই ইঙ্গ ৱেনৰ নাম লবই লাগিব। ২.৪কোটি জনসংখ্যাৰ এই দেশখনত কোৰোনাত আক্ৰান্ত হৈছে মাত্ৰ ৪৪১গৰাকী লোক আৰু মৃত্যুৰ সংখ্যা মাত্ৰ ৭গৰাকী। চীনত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে টাইৱানত সৰ্তকতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। চীন, হংকং, মকাও ৰ পৰা আহিবলগীয়া সকলো উৰাজাহাজৰ ভ্ৰমণ বন্ধ কৰিছিল টাইৱানে। বহু দুৰদৰ্শী চিন্তাৰ বাবে টাইৱানত আজি কোৰোনাৰ আক্ৰান্তৰ সংখ্যা নগণ্য।

Forbesয়ে প্ৰশংসা কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীকোঃ

কোৰোনাৰ এই যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া এই মহিলাসকলক লৈ শেহতীয়াকৈ জনপ্ৰিয় আন্তৰাষ্ট্ৰীয় আলোচনী ফবছয়েও এক প্ৰৱন্ধ প্ৰকাশ কৰিছে। সেই প্ৰৱন্ধত উল্লেখ কৰা হৈছে যে, কেইবাখনো দেশত মহিলা নেতৃত্বই কোৰোনাক প্ৰতিৰোধ কৰা নহাই নহয়,কোৰোনাক গুৰিতে মোহাৰি পেলাবলৈ সক্ষম হৈছে।

Forbesয়ে এই আলোচনী খনত নিউজিলেণ্ড, জাৰ্মানী, আইচলেণ্ড, নৰৱেৰ লগতে টাইৱান, ডেৰ্নমাক, বাংলাদেশৰ কথাও উল্লেখ কৰিছে। এই দেশসমূহত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা অন্য দেশৰ তুলনাত যথেষ্ট কম। আলোচনীখনে এই সময়খিনিত মহিলা নেত্ৰীসকলে কোৰোনাৰ বিৰুদ্ধে গ্ৰহণ কৰা কৰা ৰণনীতিক প্ৰশংসা কৰিছে।

টাইৱানৰ মহিলা ৰাষ্ট্ৰপতি ছাই ইঙ্গ ৱেন

আলোচনী ফবছত লিখিছে, সমগ্ৰ বিশ্বৰ মাত্ৰ ৭ শতাংশ দেশত চৰকাৰ মহিলাৰ নেতৃত্বত চলি আছে। কিন্তু এই সকলো দেশত তেওঁলোকে কোৰোনাৰ বিৰুদ্ধে দিয়া যুঁজখনত সফল।' আইচলেণ্ডৰ প্ৰধান মন্ত্ৰী কেটৰীণৰ কথা উল্লেখ কৰি লিখিছে, সেই দেশখনত সকলো লোককে কোৰোনা টেষ্ট কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। প্ৰায় ৩.৬০লাখ জনসংখ্যাৰ দেশখনত প্ৰায় সকলোকে কৰা হৈছে কোৰোনা টেষ্ট।'

বিভিন্ন্ সমস্যাকে ভাৰাক্ৰান্ত বাংলাদেশৰ কথাও ফবছেও উল্লেখ কৰিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক প্ৰশংসা কৰিছে ফবছে। বাংলাদেশত টেষ্টিং সুবিধাৰ যথেষ্ট অভাৱ আছিল লগতে পি পি কিটৰ অভাৱেও যথেষ্ট সমস্যাত পেলাইছিল স্বাস্থ্যকৰ্মীসকলক। এইবোৰ সমস্যাক নেওচি বাংলাদেশত বৰ্তমান কোৰোনাত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক আৰু মৃত্যু সংখ্যা ৬ শতাধিকৰো কম।

কেৰালাৰ মহিলা স্বাস্থ্যমন্ত্ৰী কে কে শৈলজা

কোৰোনাৰ এই যুঁজখনত বহুদুৰলৈকে সফল হৈছে ভাৰতত প্ৰথমজন কোৰোনা ৰোগী ধৰা পৰা ৰাজ্য কেৰালাও। কেৰালাৰ মহিলা স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাৰ কৰ্মদক্ষতাৰ শেহতীয়াকৈ সকলোৱে শলাগ লৈছে। কিছুদিনৰ আগলকৈে ৰাজ্যখনত আৰোগ্যৰ হাৰ আছিল ৯৩.২৪। কিন্ত শেহতীয়াকৈ ৰাজ্যখনত কোৰোনা আক্ৰান্ত বৃদ্ধি পোৱাৰ লগে লগে এই আৰোগ্যৰ হাৰ প্ৰায় ৫০ শতাংশলৈ হ্ৰাস পাইছে।

এনেকৈয়ে বহুকেইখনত দেশত বৰ্তমানলৈ কোৰোনা যুজখনত মহিলা নেত্ৰীসকল সাহসেৰে অৱৰ্তীণ হৈছে। বহুদূৰলৈ তেওঁলোক সফলো হৈছে। পূৰ্ব পৰিকল্পিত কিছু আচঁনি সময়ত ব্যৱহাৰ কৰাৰ বাবেই তেওঁলোক সফল হৈছে বুলি বৈজ্ঞানিকসকলে দাবী কৰিছে।

কেৱল মহিলা নেতৃত্ব বুলিয়ে নহয়, বহুবোৰ দেশে শেহতীয়াকৈ কোৰোনাৰ সৈতে যুঁজাৰ ৰণকৌশল প্ৰস্তুত কৰা বাবেই হয়তো বিশ্বত কোৰোনাত মুক্ত হোৱা লোকৰ সংখ্যা বৰ্তমান ২৫ লাখৰো অধিক। বহুবোৰ দেশত কোৰোনা টেষ্টৰ পৰিমাণো শেহতীয়াকৈ বৃদ্ধি পাইছে। মুঠৰ ওপৰত, কোৰোনাৰ সৈতে সহাৱস্থান কৰিবলৈ অধিকাংশ দেশে শেহতীয়াকৈ শিকিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in