গহপুৰত ২৮ ছেপ্তেম্বৰৰ পৰা আন্ত: জিলা মহিলা ফুটবল

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গহপুৰঃ সদৌ অসম ফুটবল সন্থাৰ উদ্যোগত আৰু গহপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত অহা ২৮ ছেপ্তেম্বৰৰপৰা অনুষ্ঠিত হ'ব আন্ত: জিলা মহিলা ফুটবল।

৭ অক্টোবৰলৈকে চলিবলগীয়া এই মহিলা ফুটবল প্ৰতিযোগিতাত শিলচৰ, হাইলাকান্দি, কোকৰাঝাৰ, তিনিচুকীয়া, যোৰহাট ,ওদালগুৰি, ধেমাজি আদি জিলাৰ প্ৰতিযোগী দলসমূহে অংশ গ্ৰহণ কৰিব। দুখন খেল গহপুৰ মহকুমাৰ বৰঙাবাৰীস্থিত ঘাহিগাঁও মিনি ষ্টেডিয়াম আৰু দক্ষিণ কলাবাৰীৰ কামদেৱাল খেল পথাৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কেইখন খেল গহপুৰৰ কনি বড়ি মিনি ষ্টেডিয়ামত হ'ব।

গহপুৰ জিলা ক্ৰীড়া সন্হাৰ গহপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ গৃহত আজি এটি অস্থায়ী কাৰ্যালয় মুকলি কৰে প্ৰবীণ ক্ৰীড়া সংগঠক সৰ্বেশ্বৰ বৰাই। দহ দিনীয়া মহিলা ফুটবল প্ৰতিযোগিতাখনিত সমূহ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে গহপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰুৱা আৰু সম্পাদক গোপাল শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in