বানৰ মাজত ড্ৰাগছৰ বেহা চলাই কৰায়ত্ব মহিলা…

বানৰ মাজত ড্ৰাগছৰ বেহা চলাই কৰায়ত্ব মহিলা…

ডিজিটেল সংবাদ,নগাঁও: চৌদিশে বান ৷ তাৰে সুযোগ লৈছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷ অৱশ্যে বহি থকা ভকত নহয় আৰক্ষী ৷ গোপন সুত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে জিলাখনৰ ৰাঙলুত অভিযান চলালে ৷ নগাঁও সদৰ থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত বুজন সংখ্যক হেৰ'ইন সহ কৰায়ত্ব কৰিলে এগৰাকী মহিলাক ৷ মহিলাগৰাকীৰ নাম হৈছে ৰীনা বেগম(৩৯) ৷ ৰাঙলু পেট্ৰল পাম্পৰ কাষৰ পৰা বেগমক কৰিয়ত্ব কৰা হয় ৷

ৰীনা বেগমৰ ঘৰ সৰু পথাৰত ৷ হোজাইৰ সৰুপথাৰৰ বেগমৰ জিম্মাৰ পৰা আৰক্ষীয়ে পাঁচটা চাবোনৰ বাকচত ভৰাই অনা হেৰ'ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে বিয়লি কৰায়ত্ব কৰা ৰীনা বেগমক নগাঁও সদৰ থানাত জেৰা কৰি থকা হৈছে ৷ উল্লেখ্য মহিলা ড্ৰাগছ ব্যৱসায়ী বেগমৰ ঘৰ সৰুপথাৰো বানবিধস্ত আৰু কৰায়ত্ব হোৱা ৰাঙলুও বান আক্ৰান্ত এলেকা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in