শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

তনুশ্ৰীক নিৰ্যাতন… নানা পাটেকাৰলৈ মহিলা আয়োগৰ জাননী

476

ডিজিটেল ডেস্কঃ ১০ বছৰ পূৰ্বৰ যৌন নিৰ্যাতন সন্দৰ্ভত জনপ্ৰিয় অভিনেতা নানা পাটেকাৰলৈ জাননী প্ৰেৰণ কৰিছে মহিলা আয়োগে। মঙলবাৰে মহাৰাষ্ট্ৰ মহিলা আয়োগে অভিনেত্ৰী তনুশ্ৰী দত্তই আৰোপ কৰা অভিযোগ সন্দৰ্ভত এই জাননী প্ৰেৰণ কৰে অভিনেতাজনলৈ।

উল্লেখ্য যে, #MeToo আন্দোলনক দেশত এক নতুন মাত্ৰা প্ৰদান কৰি কিছুদিন পূৰ্বে নানা পাটেকাৰৰ বিৰুদ্ধে এখন চিনেমাৰ শ্বুটিঙৰ সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল তনুশ্ৰীয়ে।

নানা পাটেকাৰৰ লগতে এজন কৰিঅ’গ্ৰাফাৰৰ বিৰুদ্ধেও তনুশ্ৰীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মুম্বাইৰ এখন থানাত গোচৰো ৰুজু কৰিছে। ইফালে, তনুশ্ৰীৰ উক্ত অভিযোগ বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে নানা পাটেকাৰে।

সোমবাৰেও সংবাদমেলৰ আয়োজন কৰি অভিনেতাজনে তনুশ্ৰীৰ অভিযোগ খণ্ডন কৰে। ইয়াৰ মাজতে আজি মহিলা আয়োগে পাটেকাৰলৈ জাননী প্ৰেৰণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়োগে জাননী প্ৰেৰণ কৰি অভিনেতাজনক ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈকো নিৰ্দেশ প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি