পৰম্পৰা ভংগ কৰি মন্দিৰত প্ৰৱেশ কৰা মহিলাক শিৰচ্ছেদ কৰিবলৈ আহ্বান প্ৰখ্যাত অভিনেতাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ 'মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুচেও কৰিব লাগে।'- এই বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী বিখ্যাত অভিনেতাই। কেৰালাৰ সৱৰিমালা দেৱী মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে শুকুৰবাৰে এই মন্তব্য কৰে এগৰাকী প্ৰখ্যাত মালায়লম অভিনেতাই।

উল্লেখ্য যে, কেৰালাৰ তিৰুৱানন্তপুৰমত অৱস্থিত সৱৰিমালা দেৱী মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বাক-বিতণ্ডা চলি থকাৰ সময়তে তৎকালীন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধ্যক্ষতাৰ বিচাৰপীঠে ২৮ চেপ্তেম্বৰত ঘোষণা কৰিছিল যে মন্দিৰত মহিলাৰ প্ৰৱেশ কোনো অনৈতিক কাৰ্য হ'ব নোৱাৰে। মন্দিৰ যিহেতু কোনো ব্যক্তিগত সম্পত্তি নহয়, গতিকে ইয়াত লিংগ বৈসম্য থাকিব নোৱাৰে বুলিও ৰায় দিছিল ন্যায়ালয়ে।

ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ দুই পক্ষৰ মাজত মত-বিৰোধৰ সৃষ্টি হয়। একাংশ লোকে মন্দিৰত মহিলাৰ প্ৰৱেশত উচ্চতম ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি লোৱাৰ বিপৰীতে একাংশই ইয়াৰ বিৰোধ কৰাও পৰিলক্ষিত হয়। শেহতীয়াকৈ এই ৰায় সন্দৰ্ভত শুকুৰবাৰে এক জনসভাত মন্তব্য প্ৰকাশ কৰি ৰোষত পৰে মালায়লম অভিনেতা কোল্লম থুলাসী।

অভিনেতাগৰাকীয়ে শুকুৰবাৰে এখন সভাত অংশ লৈ সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশত ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ মুকলিকৈ বিৰোধ কৰে। সভাৰ মাজতে তেওঁ মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুচেও কৰি এচেও দিল্লীলৈ প্ৰেৰণ কৰাৰ লগতে এটা ফাল তিৰুৱানন্তপুৰমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত পেলাব লাগে বুলিও বিতৰ্কিত মন্তব্য কৰে।

ইফালে প্ৰখ্যাত অভিনেতাগৰাকীৰ এই মন্তব্যৰ পিছতে কেৰালাত একাংশ লোকে বিক্ষোভ প্ৰদৰ্শন কৰি অভিনেতা গৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰে। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পূৰ্বে সৱৰিমালা দেৱী মন্দিৰত ১০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ প্ৰৱেশত পৰম্পৰাগত প্ৰতিবন্ধকতা আৰোপ কৰা আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in