পাপৰ ভয় দেখুৱাই যুৱতীক বলাৎকাৰ মন্দিৰৰ পুৰোহিতৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ যুৱতীগৰাকী মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত৷ তাৰেই সুযোগ লৈ বেছ কিছুদিনৰ পৰা সংঘটিত হৈ আহিছিল এই ঘটনা৷ কোনেও এই বিষয়ে ঘূণাক্ষৰেও গম পোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীৰ দৈহিক গঠন সলনি হোৱা প্ৰত্যক্ষ কৰে ভনীয়েকে৷ পিছত ঘটনা সন্দৰ্ভত চলে বলে বায়েকৰ পৰা জানিব বিচৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী৷

পশ্চিম বংগৰ বেহেলাৰ এটি মন্দিৰৰ পুৰোহিতে দীৰ্ঘদিন ধৰি মন্দিৰৰ ওচৰৰে এগৰাকী যুৱতীক পাপৰ ভয় দেখুৱাই ধৰ্ষণকাণ্ড সংঘটিত কৰি আহিছিল৷ পিছত এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজে ভণ্ড পুৰোহিতজনক ধৰি উত্তম-মাধ্যম শোধায় আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে ধৃত পুৰোহিতজনৰ বিৰুদ্ধে ধৰ্ষণৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

ঘটনা অনুসৰি, উপেন্দ্ৰ পাঠক নামৰ পুৰোহিতজনে মন্দিৰৰ কাষৰ পুখুৰীত গা ধুবলৈ অহা মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক দীৰ্ঘদিন ধৰি ভয় দেখুৱাই আহিছে যে মন্দিৰৰ পুৰোহিতৰ সৈতে শাৰিৰীক সম্পৰ্ক নকৰিলে পাপে চুৱে৷ মন্দিৰৰ পুৰোহিত ইশ্বৰৰ অন্য এক ৰূপ৷ পুৰোহিতৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে সমস্ত পাপ খণ্ডন হয় বুলি প্ৰৰোচিত কৰি যুৱতীগৰাকীক দীৰ্ঘদিনৰ পৰা ধৰ্ষণ কৰি আহিছিল৷ আনহাতে যুৱতীগৰাকীয়ে পুৰোহিতৰ বাক্যক সঁচা বুলি মানি লৈ ভণ্ড পুৰোহিতে কোৱা ধৰণেই সকলোবোৰ কৰি গৈছিল৷ আনহাতে এই কথা আনক ক'লে মহাপাপে চুব বুলি ভয় দেখুৱাই উপেন্দ্ৰ পাঠকে এই কাণ্ডক দীৰ্ঘদিন ধৰি গাপ দি আহিছিল৷

আনহাতে, যুৱতীগৰাকীৰ দৈহিক গঠন দিনে দিনে সলনি হোৱাত সন্দেহ প্ৰকাশ কৰি ভনীয়েকে চাতুৰালিৰে যুৱতীগৰাকীৰ মুখৰ পৰা সমস্ত কতা বাহিৰ কৰে৷ জানিব পৰা মতে, যুৱতীগৰাকী পূৰ্বে বিবাহিত যদিও মানসিক বিকাৰ গ্ৰস্ততাৰ বাবেই স্বামীয়ে তেওঁক এৰি দিয়াত মাতৃগৃহতে আছে৷ বৰ্তমান যুৱতীগৰাকী দুমাহৰ অন্তঃসত্বা বুলিও জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in