শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

জঘন্য ঘটনা! নিশা দলবদ্ধভাৱে বলাৎকাৰ যুৱতীক…

97

ডিজিটেল ডেস্কঃ ৰাজস্থানত সংঘটিত হৈছে এক জঘন্য কাণ্ড। প্ৰমিকৰ সৈতে মটৰ চাইকেলত গৈ থকা সময়তে তিনিজনীয়া এটা দলে বলাৎকাৰ কৰে এগৰাকী সন্তান সম্ভৱা যুৱতীক। এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ উদয়পুৰত।

উল্লেখ্য যে, নিশা প্ৰেমিকে যুৱতীগৰাকীক ঘৰ অভিমুখে বাইকেৰে গৈ থকা সময়তে তিনিজনীয়া দলটোৱে ৰ’ডেৰে যুৱকজনৰ ওপৰত প্ৰহাৰ কৰে। পাষাণ কেইজনে প্ৰহাৰ কৰাৰ পাছত অচেতন হৈ পৰে যুৱকজন। আৰু তাৰপাছতেই তিনিও দলবদ্ধভাৱে বলাৎকাৰ কৰে এই সন্তান সম্ভৱা যুৱতীগৰাকীক। প্ৰেমিক আৰু যুৱতীগৰাকী আৱদ্ধ হোৱা নাছিল বিবাহপাশত।

ইফালে, অভিযোগ অনুসৰি, সুনীল চোৰপোটা, বিকাশ আৰু জীতেন্দ্ৰ চাৰপোটা নামৰ যুৱক কেইজনে কৰিছিল যুৱতীগৰাকীৰ বলাৎকাৰ। ইমানৰ পাছতো অভিযুক্ত তিনিজনে যুৱতীগৰাকীক গাড়ীত উঠাই নি এটা বাছ আস্থানলৈ লৈ যায় আৰু তাৰপাছত আৰু দুজন লোকক ফোনযোগে সেই স্থানলৈ মাতে। আৰু লম্পট কেইজনে পুনৰ যুৱতীগৰাকীক বলাৎকাৰ কৰে। জানিব পৰা মতে, আন দুজন অভিযুক্তৰ নাম ক্ৰমে- নৰেশ গুৰ্জৰ আৰু বিজয়।

আনহাতে, লম্পট কেইটাৰ প্ৰহাৰ অচেতন হৈ থকা প্ৰেমিকজনে চেতনা ঘূৰাই পোৱাৰ পাছত আত্মহত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, পীড়িতগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত কোনো গোচৰ ৰুজু কৰা নাই। আনহাতে, আৰক্ষীয়ে মৃত প্ৰেমিকজনৰ ম’বাইল উদ্ধাৰ কৰাৰ পাছত তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে। সুনীল চাৰপোটা নামৰ অভিযুক্তজন ইয়াৰ পূৰ্বেও বহু অপৰাধৰ সৈতে জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি