শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

শ্বিলঙত আবদ্ধ হৈ থকা ৮ মহিয়া অন্তসত্বা মহিলাৰ আহ্বান- ‘ৰে’লযাত্ৰাৰ সময়লৈকে মোক ৰবলৈ অলপমান ঠাই দিয়ক’

8,421

ডিজিটেল ডেস্কঃ এগৰাকী মহিলা। তেওঁক লাগে এক সহায়। মহিলাগৰাকীৰ নাম সুনম কুমাৰী। চাকৰি সূত্ৰে তেওঁ আছিল শ্বিলঙত। লকডাউনৰ বাবে পৰিয়ালৰ কোনো লোক আহিব পৰা নাই তেওঁৰ কাষলৈ। ৮ মাহৰ অন্তসত্বা এই মহিলাগৰাকী অকলেই ৰে’লযোগে ঘূৰি যাব বিচাৰিছে ঝাৰখণ্ডৰ ৰাচিত থকা ঘৰলৈ।

ইতিমধ্যে ৰে’লৰ টিকতো কাটিছে মহিলাগৰাকীয়ে। ১৯ মে’ত মহিলাগৰাকী যাব গুৱাহাটীৰ পৰা পাটনালৈ। লগত যাব একেলগে বিহাৰলৈ যাব খোজা আন এগৰাকী মহিলা আৰু এজন ব্যক্তি। কিন্তু সমস্যা হৈছে মহিলাগৰাকীৰ আন এক কাৰণ লৈ। মঙলবাৰে পুৱাই আছে তেওঁলোকৰ ৰে’ল। শ্বিলঙৰ পৰা সেইদিনা আহি কোনো কাৰণতে নাপায়হি ৰে’লখন। সেয়েহে সোমবাৰেই তেওঁলোক আহিব গুৱাহাটীলৈ।

গুৱাহাটীত আহি পোৱাৰ পাছত পিছদিনা পুৱালৈকে তেওঁলোক যথেষ্ট সময় অপেক্ষা কৰিব লাগিব ৰে’লৰ বাবে। ৰে’লষ্টনসমূহত নাই এতিয়া অপেক্ষাগৃহৰ ব্যৱস্থা। আগৰ দৰে ষ্টেচনত থাকিবও নিদিয়ে যাত্ৰীক। সেয়েহে এই মহিলাগৰাকী সোমবাৰৰ নিশা ১০ বজাত গুৱাহাটী পোৱাৰ পাছত পিছদিনাৰ পুৱালৈকে কেনেদৰে কটাব তাক লৈ চিন্তা হৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত মহিলাগৰাকীয়ে কৈছে- অলপমান বহিবলৈ ঠাই দিলেও অপেক্ষা কৰিব পাৰিব সেই সময়। ৮ মাহৰ অন্তসত্বা মহিলাগৰাকীৰ বাবে এতিয়া গুৱাহাটীত এই সময়খিনি কটাবলৈ নাই কোনো ব্যৱস্থা। সেয়েহে তেওঁ চিন্তিত হৈছে যথেষ্ট। প্ৰশাসনকো অনুৰোধ কৰিছে, পাৰে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ক মহিলাগৰাকীক। নহলে তেওঁ পদপথতে বহি কটাব লাগিব এই সময়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি