শেহতীয়া খবৰ
চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে...  •  ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

শুকুৰবাৰৰ পৰা মহিলা ফুটবল বিশ্বকাপ

108

ডিজিটেল ডেস্কঃ অজস্ৰ ক্ৰীড়াপ্ৰেমীৰ অপেক্ষাৰ অন্ত পেলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব মহিলা ফুটবল বিশ্বকাপ। ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা এই ফুটবলৰ মহাৰণখনৰ এইবাৰৰ আয়োজক ফ্ৰান্স। প্ৰথমবাৰৰ বাবে দেশখনৰ ৰাজধানী পেৰিছত আয়োজন কৰা হৈছে মহিলা ফুটবল বিশ্বকাপ।

মুঠ ২৪ টা দলে অংশ ল’ব এই বিশ্বকাপত। মুঠ ৬টা গ্ৰুপত ভাগ কৰা দলকেইটা হৈছে গ্ৰুপ এত ফ্ৰান্স, নৰৱে’, দক্ষিণ কোৰিয়া, নাইজেৰিয়া। গ্ৰুপ বিৰ দলকেইটা হৈছে জাৰ্মানী, স্পেইন, চীন, দক্ষিণ আফ্ৰিকা। থিক তেনেদৰে চি গ্ৰুপৰ দলকেইটা হৈছে ইটালী, ব্ৰাজিল, অষ্ট্ৰেলিয়া, জামাইকা। গ্ৰুপ ডিত আছে ইংলেণ্ড, স্কটলেণ্ড, আৰ্জেণ্টিনা, জাপান। তাৰ সমান্তৰালকৈ গ্ৰুপ ইত নেডাৰলেণ্ড, কানাডা, নিউজীলেণ্ড, কেমেৰুন আৰু গ্ৰুপ এফত ছুইডেন, আমেৰিকা, চিলি, থাইলেণ্ড ইত্যাদি দলসমূহ আছে।

বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা দলে লাভ কৰিব ২৪ কোটি টকাৰ পুৰস্কাৰ। শুকুৰবাৰৰ উদ্বোধনী খেলখনত ফ্ৰান্সৰ মুখামুখি হ’ব দক্ষিণ কোৰিয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি