প্ৰসূতিৰ মৃত্যুক লৈ মঙলদৈত উত্তেজনা

প্ৰসূতিৰ মৃত্যুক লৈ মঙলদৈত উত্তেজনা

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত সোমবাৰে পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ব্যক্তিগত চিকিৎসালয়ত এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰাৰ পাছতেই মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই পৰিস্থিতিৰ।

জানিব পৰা মতে, মঙলদৈ নগৰবাহীৰ মোল্লাপাৰাৰ আজিদা বেগম নামৰ প্ৰসূতিগৰাকীক পলিক্লিনিক নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছতেই চিকিৎসা প্ৰদানত গাফিলতি কৰাৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু ঘটে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে চিকিৎসালয়তো মহিলাগৰাকীৰ আত্মীয়ই অনুৰূপ অভিযোগ দিয়ে। স্বামী আখতাৰ আলীয়ে দিয়া এজাহাৰৰ পাছতেই তদন্ত আৰম্ভ কৰিছে মঙলদৈ আৰক্ষীয়ে। চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ পৰিয়ালে কৰা অভিযোগ নুই কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in