জি আৰ পিৰ গৃহৰক্ষী জোৱানক ড্ৰাগছসহ আটক কৰিলে মহিলাইঃ লামডিঙ আৰক্ষীৰ ভিতৰচৰাত হাহাকাৰ…

জি আৰ পিৰ গৃহৰক্ষী জোৱানক ড্ৰাগছসহ আটক কৰিলে মহিলাইঃ লামডিঙ আৰক্ষীৰ ভিতৰচৰাত হাহাকাৰ…

ডিজিটেল সংবাদ লামডিঙঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দিনে নিশাই অভিযান চলোৱাৰ সময়তে লামডিঙত ৰে'ল আৰক্ষীৰ একাংশ জোৱান ড্ৰাগছৰ বেহাত নামি পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰ্যতঃ কবলৈ গ'লে উদক ভেটা ৰখীয়া পতাৰ দৰে ঘটনা সংঘটিত হৈছে আজি লামডিঙত।

আজি নিশা লামডিঙত ৰাইজে ড্ৰাগছসহ লামডিং ৰে'লৱে জংচনৰ ৰে'ল আৰক্ষী (জি আৰ পি)ৰ গৃহৰক্ষী জোৱানক কৰায়ত্ত কৰে ৷ লামডিঙৰ ইটাভট্টা চাৰি আলিৰ পঞ্চায়তৰ এ পি অঞ্জু ৰানী দাস নামৰ এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ৰাইজে ড্ৰাগছসহ জি আৰ পিৰ গৃহৰক্ষী জোৱান পদুম দাসক আটক কৰে।

প্ৰথমে অঞ্জু ৰানী দাসে ইটাভাট্টা চাৰিআলীত জোৱানজনৰ হাতত চাবোনৰ বাকচ প্ৰতক্ষ্য কৰে ৷ পৰৱৰ্তী সময়ত গৃহৰক্ষীজনৰ ওপৰত সন্দেহ জন্মাত গৃহৰক্ষী পদুম দাসক সোধোতে পদুম দাসে নিজকে সুৰক্ষিত কৰিবলৈ অঞ্জুৰানীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰে ৷

ইয়াৰ পিছতে অঞ্জু দাসে চিঞৰ বাখৰ কৰাত অঞ্চলটোৰ ৰাইজে গৃহৰক্ষীজনক কৰায়ত্ত কৰে ৷ আটকাধীন জি আৰ পিৰ গৃহৰক্ষী জোৱান জনক ৰাইজে লামডিঙ আৰক্ষীক গটাই দিয়ে ৷ লামডিঙ আৰক্ষীয়ে গৃহৰক্ষী জোৱানজনে নিজে ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰাৰ সন্দেহ কৰিছে।

আটকাধীন জোৱানজনৰ পৰা ৬.৬২ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে ৷ বৰ্তমান লামডিঙ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যহত ৰাখিছে ৷বৰ্তমান লামডিঙত এটা দুষ্ট চক্ৰ সংক্ৰিয় হৈ পৰিছে যাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায়ী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in