পৰম্পৰা ধৰি ৰাখিবলৈ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতাৰে আত্মহত্যাৰ চেষ্টা মহিলাৰ

পৰম্পৰা ধৰি ৰাখিবলৈ ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতাৰে আত্মহত্যাৰ চেষ্টা মহিলাৰ

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰ বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সৱৰিমালা মন্দিৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ইফালে মঙলবাৰে তিৰুৱানন্তপুৰমত এগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি চিপ লৈ আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰে।

উল্লেখ্য যে, পৰাম্পৰাগত নিয়ম অনুসৰি কেৰালাৰ তিৰুৱানন্তপুৰমত অৱস্থিত সৱৰিমালা দেৱী মন্দিৰত ১০ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতা লগোৱা আছে। এই সম্পৰ্কত এক ৰাজহুৱা আবেদনৰ ভিত্তিত ২৮ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে যিহেতু মন্দিৰ এক ৰাজহুৱা সম্পত্তি, গতিকে ইয়াত মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি লিংগ বৈষম্যৰ সৃষ্টি কৰাটো অনুচিত।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে মন্দিৰৰ পৰম্পৰা ভংগ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকল ৰাজপথলৈ ওলাই আহি 'আমি মন্দিৰত প্ৰৱেশ কৰিবলৈ ৫০ বছৰলৈ অপেক্ষা কৰিম' শ্ল'গানেৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিৰোধিতা কৰে।

ইফালে কিছুদিন পূৰ্বে মালায়লম অভিনেতা কোল্লাম থুলাসীয়েও 'মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুছেও কৰিব লাগে' বুলি বিতৰ্কিত মন্তব্য কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰে। অভিনেতাগৰাকীৰ এই মন্তব্যৰ পিছত আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে বিদ্বেষমূলক আচৰণৰ বাবে এক গোচৰ ৰুজু কৰে।

ৰাজ্যজুৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে তিৰুৱানন্তপুৰমত এগৰাকী মহিলাই চিপ লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি আত্মহত্যাৰ চেষ্টা চলায়। অৱশ্যে মহিলাগৰাকীক পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

এই ঘটনাই এতিয়া সমগ্ৰ কেৰালাত তোলপাৰ লগাইছে। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় একাংশ লোকে গ্ৰহণ কৰি লৈছে যদিও আন একাংশ লোকৰ বিক্ষোভ প্ৰদৰ্শনলৈ লক্ষ্য ৰাখি ন্যায়ালয়ে এই ৰায় বাতিল কৰিব নেকি তাক লৈ ৰাজ্যখনত উদ্বিগ্নতা বৃদ্ধি পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in