লেখাপানীত কানিসহ মহিলাক আটক

লেখাপানীত কানিসহ মহিলাক আটক

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন, লেখাপনী আদি অঞ্চলসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে কানি-ড্ৰাগছৰ বেহা।

দেওবাৰে লেখাপানী আৰক্ষীয়ে গোপনসূত্ৰৰ পমখেদি অভিযান চলাই কুঁহিয়াৰবাৰীৰ চাৰি মাইলৰ কৃষ্ণ ছেত্ৰী নামৰ এজন লোকৰ ঘৰৰ পৰা ৪০,০০০টকাৰ কানীসহ নগদ ৭৩ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, কৃষ্ণ ছেত্ৰীৰ পত্নী ৰেণুকা ছেত্ৰীয়ে দীর্ঘদিন ধৰি চলাই আছিল কানিৰ এই ৰমৰমীয়া বেহা। বৰ্তমান লেখাপানী আৰক্ষীৰ জিম্মাত ৰেণুকা ছেত্ৰী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in