ভাৰতীয় নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্ব কুমুদিনী ত্যাগী-ৰীতি সিঙক…

ভাৰতীয় নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্ব কুমুদিনী ত্যাগী-ৰীতি সিঙক…

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌ সেনাত লিংগ-সমানতাৰ বাবে লোৱা হৈছে পদক্ষেপ। উপ-লেফটেনেন্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিংক নৌ সেনাৰ যুঁজাৰু জাহাজ ক্ৰিউৰ দায়িত্ব অৰ্পণ কৰা হ'ব। উল্লেখ্য যে, নৌ সেনাৰ যুঁজাৰু জাহাজত ক্ৰিউৰ দায়িত্ব লাভ কৰা প্রথম মহিলা লেফটেনেন্ট হ'ব ত্যাগী আৰু সিং।

ইফালে, দুয়োগৰাকী মহিলা সেনা জোৱানে নৌ সেনাৰ মাল্টী ৰোল হেলিকপ্টাৰত চেঞ্চাৰ অপাৰেট কৰাৰ প্ৰশিক্ষণ লৈ আছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, তেওঁলোকে এম এছ ৬- আৰ হেলিকপ্টাৰৰ প্ৰশিক্ষণ লৈ আছে। আৰু এই হেলিকপ্টাৰ বিশ্বৰ আগশাৰীৰ অত্যাধুনিক হেলিকপ্টাৰসমূহৰ ভিতৰত এখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in