ৰোহিতৰ শতকৰ অভিলেখেৰে দ্বিতীয় টি-২০তো বৃহৎ জয় ভাৰতৰ

ৰোহিতৰ শতকৰ অভিলেখেৰে দ্বিতীয় টি-২০তো বৃহৎ জয় ভাৰতৰ

ডিজিটেল ডেস্কঃ টেষ্ট আৰু এদিনীয়াৰ পাছত টি-২০ শৃংখলা হস্তগত কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়াই। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে লক্ষ্নৌত আজি অনুষ্ঠিত দ্বিতীয়খন টি-২০ত ৭১ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে ঘৰুৱা দলটোৱে।

প্ৰথমে বেটিং কৰি ৰোহিত শৰ্মাৰ বিস্ফোৰক শতৰানেৰে ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ২টা উইকেট হেৰুৱাই স্ক'ৰ কৰে ১৯৫ ৰান। ৰোহিতে মাত্ৰ ৬১ টা বলত ৭টা অভাৰ বাউণ্ডেৰী আৰু ৮টা অভাৰ বাউণ্ডেৰীৰ সহায়ত অপৰাজিত ১১১ৰানৰ বৰঙণি আগবঢ়ায়। আনজন অপেনাৰ শিখৰ ধাৱানে স্ক'ৰ কৰে ৪৬ ৰান।

ইয়াৰ পিছতে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা ৱেষ্ট ইণ্ডিজে ১৯৬ ৰানৰ বিজয় লক্ষ্য আগত লৈ ভাৰতীয় বলাৰসকলৰ সমুখত পুনৰ দিশহাৰা হৈ পৰে। ডেৰেন ব্ৰেভোৱে সৰ্বাধিক ২৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দলটোৰ আটাইকেইজন বেটছমেনেই শোচনীয়ভাৱে ব্যৰ্থ হয়। ফলত নিৰ্ধাৰিত অভাৰত ৯ উইকেট হেৰুৱাই দলটোৱে মাথো ১২৪ ৰানতে স্তব্ধ হৈ পৰে।

ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰ, খলিল আহমেদ, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ প্ৰত্যেকে দখল কৰে ২টাকৈ উইকেট। দলৰ জয়ত মুখ্য ভূমিকা পালন কৰা ৰোহিতক প্ৰদান কৰা হয় মেন অব দ্য মেচৰ সন্মান। ইফালে, আজিৰ এই জয়ৰে ৩খন মেচৰ শৃংখলাটো ২-০ ব্যৱধানত হস্তগত কৰিবলৈ সমৰ্থ হয় ভাৰতীয় দলটোৱে।

উল্লেখ্য যে, আজিৰ এই শতকৰ জৰিয়তে টি-২০ত ৪টা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় ৰোহিত। খেলখনত মাত্ৰ ৫৮ টা বলতে ১০০ স্পৰ্শ কৰে বিস্ফোৰক বেটছমেনজনে। এই অভিলেখৰ লগতে বিৰাট কোহলিক অতিক্ৰমি টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয়  বেটছমেনৰ তালিকাতো শীৰ্ষস্থান দখল কৰে ৰোহিতে।

কোহলিয়ে ৫৮টা ইনিংছত ২১০২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আজিৰ শতকৰ জৰিয়তে ৰোহিতে সংগ্ৰহ কৰা টি-২০ৰ সৰ্বমুঠ ৰান হৈছে ২২০৩। অৱশ্যে ৰোহিতে এই পৰ্যন্ত মুঠ ৭৯টা (মেচৰ সংখ্যা ৮৬) ইনিংছ খেলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in