নিশা ১২ বজালৈ অপেক্ষা কিয়, আগতেই প্ৰিয়জনক জনাওক নৱবৰ্ষৰ শুভেচ্ছা

নিশা ১২ বজালৈ অপেক্ষা কিয়, আগতেই প্ৰিয়জনক জনাওক নৱবৰ্ষৰ শুভেচ্ছা

ডিজিটেল ডেস্কঃ নৱবৰ্ষক আদৰিবলৈ প্ৰস্তুতি চলিছে চৌদিশে। আপুনি যদি নিশা ১২ বজাৰ পাছত প্ৰিয়জনক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ৰৈ আছে, তেনেহলে সেই সময়ত আপুনি সেই সুযোগ নাপাবও পাৰে। দেশৰ কোটি কোটি ম'বাইল উপভোক্তাই ১২ বজাৰ লগে লগে প্ৰিয়জনক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ অপেক্ষা কৰি থাকে। সেই সময়ত মেছেজ বা ফোনৰ প্ৰকোপ ইমানেই বৃদ্ধি পায় যে সেই ক্ষণত এটা নেটৱৰ্কত প্ৰয়োজনতকৈ অধিক এছ এম এছ আৰু ম'বাইল কলৰ বাবে সংযোগ সীমা ব্যস্ত হৈ পৰিব পাৰে। পূৰ্বৰ বছৰৰ অভিজ্ঞতাইও সেই কথা সোৱৰাই দিয়ে।

অৱশ্যে অন্য বছৰসমূহৰ দৰে এইবাৰ ভোডাফোনকে ধৰি অন্য নেটৱৰ্ক কোম্পানীসমূহে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ফোন আৰু মেছেজৰ বাবদ এক্সট্ৰা বেলেঞ্চ নাকাটে যদিও এই দুয়োটা দিনত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ জোৱাৰলৈ চাই নেটৱৰ্ক সেৱা দুৰ্বল হৈ পৰাৰ সম্ভাৱনাই অধিক৷ উল্লেখ্য যে, বিগত বৰ্ষত ৩১ ডিচেম্বৰৰ নিশাৰ ভাগত প্ৰায় ১১ বজাৰ পৰা ১ জানুৱাৰী পুৱা ৪ বজালৈ প্ৰায়বোৰ নেটৱৰ্কৰে সংযোগ সীমা ব্যস্ত হৈ পৰাত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সৃষ্টি হৈছিল৷

আনহাতে এক সমীক্ষা মতে জিঅ' নেটৱৰ্কৰ জৰিয়তে বিগত বৰ্ষটোৰ ৩১ ডিচেম্বৰৰ নিশা প্ৰতি ছেকেণ্ডত প্ৰায় ৩৮ লাখ মেছেজ প্ৰেৰণ হৈছিল৷ তাৰ লগতে সেই সময়ত কলিং সংযোগত অছিল ৯ মিলিয়নৰো অধিক গ্ৰাহক৷ সেই অনুপাতে বিগত বৰ্ষত জিঅ'ৰ সুবিধা লাভ কৰা লোকৰ সংখ্যা সীমিত থকা স্বত্বেও অৱশেষত নেটৱৰ্ক অসুবিধাই দেখা দিছিল৷ বাৰে বাৰে কাট খাইছিল ফোন৷

পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে জিঅ' ব্যৱহাৰকীৰ সংখ্যা৷ গতিকে এই বৰ্ষটোৰ অন্তিম ক্ষণত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ অপেক্ষা কৰি থকা যে নেটৱৰ্কৰ অসুবিধাৰসন্মুখীন হ'ব সেয়া নিশ্চিত৷ আনহাতে জিঅ'ৰ সমান্তৰালকৈ আন আন নেটৱৰ্কসমূহতো দেখা দিব সমস্যাৰ৷ এইবাৰ ভোডাফোনকে ধৰি এয়াৰটেল, আইডিয়া আদি নেটৱৰ্কৰ গ্ৰাহকসমূহে মেছেজ আৰু কলৰ বাবদ এক্সট্ৰা বেলেঞ্চ ভৰিব লগীয়া নোহোৱাটোও এইবাৰ ৩১ ডিচেম্বৰৰ মাজনিশা নেটৱৰ্কৰ সমস্যা বৃদ্ধি কৰাৰ কাৰণ হৈ উঠিব পাৰে৷

আনহাতে, সমগ্ৰ ভাৰতবৰ্ষত ৩১ ডিচেম্বৰৰ দিনটোত প্ৰতি ১ চেকেণ্ডত তিনি বজালৈকে প্ৰতি ১ চেকেণ্ডত টুইট কৰা কৰা পোষ্টৰ সংখ্যা হৈছে ৮৩২২ টা। ইনষ্টাগ্ৰামত প্ৰতি ১ চেকেণ্ডত ফটো আপলড হৈছে ৮৮৯ খন। ক্সাইপেৰ জৰিয়তে প্ৰতি চেকেণ্ড ভিডিঅ' কল সংযুক্ত হৈছে ৩৫৫৩ জনে৷ ইফালে প্ৰতি চেকেণ্ডত খৰচ হৈছে ৬৬,২৯৮ জি বি ডাটা। প্ৰতি চেকেণ্ডত গুগল চাৰ্চ কৰিছে ৭১,৬২৬ জনে। ইউ টিউবত প্ৰতি চেকেণ্ডত আছে ৭৬,৯১২ জন। প্ৰতি চেকেণ্ডত ই মেইলৰ সংখ্যা ২,৭৫৮,৯৫৫ টা।

তেনে এক ব্যস্তভৰা দিনত আপুনি নিজেই ভাৱক আপুনি বাৰু ফোনটো কাট নোখোৱাকৈ বা এবাৰতে মেছেজ পঠিয়াই প্ৰিয়জনক ক'ব পাৰিব- 'হেপ্পী নিউ ইয়েৰ'? আনহাতে এক সমীক্ষা অনুসৰি আজিৰ দিনটোৰ ৫ বজালৈকে বছৰৰ শেষৰটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰত সমগ্ৰ ভাৰতবৰ্ষত বিক্ৰী হৈছে মুঠ ৩ লাখ ৬৩ হাজাৰ স্মাৰ্ট ফোন৷ ইয়াৰ বিপৰীতে টেবলেট বিক্ৰী হৈছে ৩ লাখ ২১ হাজাৰ টা৷ কম্পিউটাৰ বিক্ৰী হৈছে ৩ লাখ ২৫ হাজাৰ টা৷

আনহাতে ৫ বজালৈকে সমগ্ৰ বিশ্বত ইন্টাৰনেটত সময় পাৰ কৰিছে ৪১১ কোটি ৯৬ লাখ ৭৮৪২ জনে৷ ইয়াৰে ফেচবুক ব্যৱহাৰ কৰিছে ২৩৯ কোটি ২৫ লাখ ৫৬ হাজাৰ ৩৬৮ জনে৷ টুইটাৰত আছে ৩৪ কোটি ২৪ লাখ ৫২ হাজাৰ ৭৪৭ জন৷ আনহাতে গুগলত বৰ্তমানলৈকে চাৰ্চ কৰা লোকৰ সংখ্যা ৬৬৫ কোটি ৯ লাখ ৬৭,০১২ জন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in