সোমবাৰৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক কৰা হ’ব উত্থাপন…

সোমবাৰৰ পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশনঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক কৰা হ’ব উত্থাপন…

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন। ১৩ ডিচেম্বৰৰ লৈকে চলিব লগা এই অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব। লগতে জম্মু-কাশ্মীৰৰ বৰ্তমানৰ স্থিতি, দেশৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়েও পাব বিশেষ গুৰুত্ব।

চলিত বৰ্ষৰ ছেপ্তেম্বৰত ই-চিগাৰেটৰ প্ৰচলন আৰু নিৰ্মাণ বন্ধ কৰাৰ লগতে আয়কৰ অধিনিয়ম ১৯৬১ আৰু বিত্ত অধিনিয়ম ২০১৯ৰ অধীনত ঘৰুৱা কোম্পানীৰ কৰ্পৰেট টেক্স হ্ৰাস কৰা সিদ্ধান্তক গৃহীত কৰাৰ ক্ষেত্ৰতো বিধেয়ক উত্থাপন কৰা হব এইবাৰৰ শীতকালীন অধিৱেশনত।

এই অধিৱেশনতে শাসনাধিষ্ঠ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ দুয়োখন সদনতে গৃহীত কৰাৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। বিৰ্তকিত এই বিধেয়কখন সংসদৰ বিগত অধিৱেশনতে উত্থাপন কৰা হৈছিল যদিও সদনৰ মজিয়াত বিৰোধীৰ আৰু উত্তৰ পূবত হোৱা প্ৰৱল বিৰোধিতাৰ বাবে চৰকাৰ এই বিল গৃহীত কৰাত সফল নহ'ল। এইবাৰৰ অধিৱেশন কাৰ্যসূচীত বিশেষভাৱে স্থান দিয়া হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কক।

উল্লেখ্য যে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আদি কৰি অসমৰ স্বাস্থ্য তথা গৃহমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে, এইবাৰৰ শীতকালীন অধিৱেশনত কোনো বাধা নাথাকিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হোৱাতো নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in