মৰসাহঃ গৃহমন্ত্ৰী অমিত শ্বাহ বুলি ৰাজ্যপাললৈ ফোন কৰি গ্ৰেপ্তাৰ উইং কামাণ্ডাৰ…

মৰসাহঃ গৃহমন্ত্ৰী অমিত শ্বাহ বুলি ৰাজ্যপাললৈ ফোন কৰি গ্ৰেপ্তাৰ উইং কামাণ্ডাৰ…

ডিজিটেল ডেস্কঃ বন্ধুক সহায় কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল এগৰাকী বন্ধু। ৰঙাঘৰৰ আলহী হোৱাৰ কাৰণ শুনিলে আপুনিও হ'ব হতবাক। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত। বন্ধুৰ বাবে বায়ু সেনাৰ এগৰাকী উইং কামাণ্ডাৰ বৰ্তমান বন্দী হৈ আছে মধ্যপ্ৰদেশৰ এছ টি এফৰ হাতত। দিল্লীৰ বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত উইং কামাণ্ডাৰ গৰাকীৰ নাম কুলদ্বীপ বাঘেলা।

উইং কামাণ্ডাৰ বাঘেলাই বন্ধুক সহায় কৰাৰ উদ্দেশ্যৰেই কৰি পেলালে এটা ডাঙৰ ভুল। দৰাচলতে বন্ধু ডা০ ছন্দেশ শুক্লাক মধ্যপ্ৰদেশ মেডিকেল বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিবৰ বাবে অনুৰোধ জনাই বাঘেলাই মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনলৈ কৰিছিল ফোন। এই ফোন বাঘেলাই নিজৰ নামত কৰা নাছিল, কৰিছিল দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত। অমিত শ্বাহ বুলিয়েই ৰাজ্যপাললৈ ফোন কৰা বাঘেলা আৰু বন্ধু ডা০ ছন্দেশ শুক্লা হৈছে ভুপালৰ নিৱাসী।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বাঘেলা আৰু বন্ধু শুক্লাই পৰিকল্পিতভাৱে ৰাজ্যপাল টেণ্ডনলৈ কৰিছিল ফোন। এই ফোনকলৰ সময়চোৱাত কুলদ্বীপ বাঘেলাই নিজকে অমিত শ্বাহ বুলি চিনাকি দিয়াৰ লগতে বন্ধু ডা০ ছন্দেশ শুক্লাই গৃহমন্ত্ৰীৰ ব্যক্তিগত সহায়ক বুলি চিনাকি দিছিল। পিছৰ পৰ্যায়ত মধ্যপ্ৰদেশৰ ৰাজভৱনৰ তদন্তকাৰী সংস্থাৰ তদন্তত পোহৰলৈ আহে বন্ধুদ্বয়ৰ এই কাণ্ড।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in