‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ…

‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ…
  • উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক 'বীৰ চক্ৰ' সন্মানেৰে সন্মানিত কৰিবলৈ চৰকাৰক ভাৰতীয় বায়ু সেনাই আৱেদন জনাইছে।
  • পাক সেনাৰ যুঁজাৰু বিমান ভূপতিত কৰি সাহসিকতা প্ৰদৰ্শন কৰাৰ বাবে উইং কামাণ্ডাৰগৰাকীক 'বীৰ চক্ৰ' প্ৰদানৰ আৱেদন।
  • লগতে উইং কামাণ্ডাৰগৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰ এয়াৰ বেছৰ পৰা তেওঁক বদলি কৰা হৈছে।
  • জানিব পৰা মতে, কাশ্মীৰ ঘাটিত অভিনন্দন বৰ্থমানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক উক্ত বেছৰ পৰা বদলি কৰা হৈছে।
  • এক সূত্ৰ অনুসৰি, উইং কামাণ্ডাৰ ৱৰ্থমানক ৱেষ্টাৰ্ণ ছেক্টৰৰ এটা গুৰুত্বপূৰ্ণ এয়াৰবেছত ৰখা হ'ব।
  • উল্লেখ্য যে, জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ দ্বাৰা অভিনন্দনৰ জীৱনৰ প্ৰতি প্ৰায়ে ভাবুকি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in