শেহতীয়া খবৰ
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...  •  ৰাইজৰ সেৱা ! ঔম স্বাহা...

অস্কাৰ বিজেতা ইউলিয়াম হাৰ্টৰ মৃত্যু…

ডিজিটেল ডেস্ক: অস্কাৰ বিজেতা আমেৰিকান অভিনেতা উইলিয়াম হাৰ্টৰ মৃত্যু। ৭১ বছৰ বয়সত মৃত্যুক সাৱতি লয় অভিনেতা গৰাকীয়ে। কেইবাখনো ছবিত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছিল ইউলিয়ামে।

অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ পুত্ৰই কয় যে পিতৃৰ মৃত্যুত অতি দুখিত তেওঁ। জন্মদিনৰ প্ৰায় ১ সপ্তাহ পূৰ্বেই ১৩ মাৰ্চ ২০২২ ত ইহলীলা সম্বৰণ কৰে উইলিয়াম হাৰ্টে।পুত্ৰই জনোৱা অনুসৰি প্ৰাকৃতিক কাৰণতে মৃত্যু হয় তেওঁৰ। উল্লেখ্য যে, ২০১৮ চনত অভিনেতা গৰাকী কৰ্কট ৰোগটো আক্ৰান্ত হৈছিল।কিন্তু পুত্ৰই জনোৱা অনুসৰি মৃত্যুৰ কাৰণ এয়া নহয়।

ইউলিয়াম হাৰ্টে কেইবাখনো জনপ্ৰিয় ছবিত কাম কৰিছে। তাৰ ভিতৰত গৰ্কি পাৰ্ক,আন্টিল দা এণ্ড এফ দা ৱাৰ্ল্ড, এ হিষ্ট্ৰি অফ ভায়োলেঞ্চ আদি। অভিনেতা গৰাকীয়ে ১৯৮৫ চনত কিচ অফ দা স্পাইডাৰ ৱমেন ছবিৰ বাবে অস্কাৰ লাভ কৰিছিল।