শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মই লজ্জিত, মই ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

ডিজিটেল ডেস্ক: এইবাৰ অনুষ্ঠিত হোৱা ‘অস্কাৰ ২০২২’ এক বিশষ কাৰণত চৰ্চাত আছে।অনুষ্ঠান চলি থকাৰ মাজতেই অভিনেতা উইল স্মিথে চৰিয়াইছিল কমেডিয়ান ক্ৰিছ ৰকক।  কমেডিয়ান গৰাকীয়ে স্মিথৰ পত্নীক লৈ কৰা মন্তব্যৰ বাবেই এই কাণ্ড কৰে স্মিথে।

লগে লগে সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’। বহুতেই ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতেই নিজৰ দোষ স্বীকাৰ কৰে স্মীথে।

স্মীথে কয় অনুষ্ঠানত কৰা ”মোৰ কাৰ্য স্বীকাৰ কৰিব নোৱাৰি আৰু তাৰ বাবে কোনো ধৰণৰ অজুহাত নিদিও। মোৰ মতে স্ফুৰ্তি আমাৰ কামৰে এটা অংশ। কিন্তু মোৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় মন্তব্য কৰাত মই নিজকে ৰখাব নোৱাৰিলো আৰু ভাৱনাত দগ্ধ হৈ প্ৰতিক্ৰিয়া কৰিলো। মই ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিছো ক্ৰিছ। মই সীমা অতিক্ৰম কৰি পেলাইছিলো আৰু সেয়া ভুল আছিল।মই লজ্জিত মই তেনে মানুহ নহয় যি মই কৰিলো। মৰম আৰু দয়াৰে ভৰা এই পৃথিৱীত হিংসাৰ কোনো ঠাই নাই”।