উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব নে নাই প্ৰধানমন্ত্ৰী মোডী-শ্বাহক? সঞ্জয় ৰাউটে ক’লে-

উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব নে নাই প্ৰধানমন্ত্ৰী মোডী-শ্বাহক? সঞ্জয় ৰাউটে ক’লে-

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ বিগত কিছু দিনত যি নাটকীয় পৰিৱেশৰ সৃষ্টি হ'ল, তাত সবাতোকৈ অধিক মুখ থেকেচা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেই খাব লগা হ'ল, তাত কাৰো দ্বিমত নাই। কিয়নো যোৱা শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে দেৱেন্দ্ৰ ফড়নবিছে শপত গ্ৰহণ কৰাৰ পিছতে টুইটযোগে তেওঁক অভিনন্দন জনাই আনন্দ প্ৰকাশ কৰিছিল মোডী আৰু আমিত শ্বাহে। কিন্তু দেৱেন্দ্ৰ ফড়নবিছৰ এই মুখ্যমন্ত্ৰিত্ব ৩ দিনৰ অধিক স্থায়ী নহ'ল। উচ্চতম ন্যায়ালয়ে বুধবাৰে ৫ বজাৰ ভিতৰত বিজেপি চৰকাৰক সংখ্যা গৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিয়াৰ পিছতে মঙলবাৰে বিয়লি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ফড়নবিছে।

ইফালে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেয়ে। শিৱসেনা-এনচিপি আৰু কংগ্ৰেছে মহাৰাষ্ট্ৰত গঠন কৰিব ত্ৰিদলীয় চৰকাৰ। আনহাতে উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক আমন্ত্ৰণ জনোৱা হ'ব নে নাই বুলি প্ৰশ্ন সোধা হৈছিল শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক।

সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দি শিৱসেনাৰ নেতাগৰাকী কয়, 'আমি মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত সকলোকে নিমন্ত্ৰণ জনাম। আনকি অমিত শ্বাহকো আমি নিমন্ত্ৰণ জনাম।' কিন্তু মহাৰাষ্ট্ৰত চৰকাৰ গঠনক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে গ্ৰহণ কৰা ভূমিকাত যে বিজেপিৰ এসময়ৰ সহযোগী শিৱসেনা এতিয়াও ক্ষুব্ধ হৈ আছে, সেয়া সঞ্জয় ৰাউটৰ মন্তব্যতে স্পষ্ট হৈ পৰে।

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া অনুষ্ঠিত শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ নেতাৰ বৈঠকৰ অন্তত ১ ডিচেম্বৰত ত্ৰিদলীয় চৰকাৰৰ শপত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে। অৱশ্যে পৰৱৰ্তী সময়ত সেই দিন সলনি কৰি ২৮ নৱেম্বৰত মুম্বাইৰ শিৱাজী পাৰ্কত শপত গ্ৰহণ সমাৰোহৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in