ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে সৃষ্টি কৰিছে আতংকঃ ইতিমধ্যে হাতীয়ে প্ৰাণ লৈছে এজনৰ…

ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে সৃষ্টি কৰিছে আতংকঃ ইতিমধ্যে হাতীয়ে প্ৰাণ লৈছে এজনৰ…

ডিজিটে সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি অঞ্চলত অঘটন। বন্য হস্তীৰ আক্ৰমণত প্ৰণ গ'ল এজন ব্যক্তিৰ। প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে পুৱা ছালাকাটি অঞ্চলত বিচৰণ কৰা এটা হাতীৰ জাকৰ পৰা ফলৰি কাটি অহা দুটা হাতীয়ে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। ইয়াৰ মাজতে এই হাতী দুটাই অঞ্চলটোৰ ছালাকাটিৰ মুৰাবাৰীত বেৰলাং ব্ৰহ্ম নামৰ এজন ব্যক্তিক আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে।

আহত বেৰলাং ব্ৰহ্মক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ লৈযোৱা হয় যদিও পথতে তেওঁৰ মৃত্যু হয়। ছালাকাটি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এই হাতীৰ জাকটো ভূটা পাহাৰৰ পৰা খাদ্যৰ সন্ধানতে নামি আহিছে বুলি ধাৰণা কৰা হৈছে। বৰ্তমান সমগ্ৰ অঞ্চলটোত হাতীক কেন্দ্ৰ কৰি আতংকই বিৰাজ কৰিছে। আনহাতে বন বিভাগৰ দল অঞ্চলটোত উপস্থিত হৈ বনৰীয়া হাতী দুটা ট্ৰেংকুলাইজ কৰাৰ পৰিকল্পনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in