কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী….

কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী….

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ এজনী বনৰীয়া হাতী। কেলিডেনৰ লক্ষীবস্তিৰ এটা হোলাত আবদ্ধ প্ৰাপ্তবয়স্ক মাইকী হাতীজনী। উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত আবদ্ধ হাতীটো।

অন্য হাতীৰে হোৱা সংঘৰ্ষৰ ফলতেই হাতীজনী আহত হৈ বোকাত পৰাৰ সন্দেহ কৰা হৈছে। বনবিভাগে হাতীটোক চিকিৎসাৰ ব্যৱস্থা কৰিছে। কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা চিকিৎসকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে হাতীজনীৰ চিকিৎসা।

হাতীজনীক উদ্ধাৰৰ বাবে বনবিভাগে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। দুৰ্গম অঞ্চলত এই ঘটনা সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বনবিভাগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in