তামুলপুৰৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, তামুলপুৰঃ প্ৰায় এমাহ ধৰি প্ৰতি দিনে তামুলপুৰ মহকুমাৰ বিভিন্ন স্থানত অব্যাহত আছে হাতীৰ উপদ্ৰৱ। মঙলবাৰে নিশা কাউলীৰ বিভিন্ন প্ৰান্তত চলে বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীৰ বৃহৎ জাকে মানুহৰ বাসগৃহ ভাঙি শালি ধান খাই তহিলং কৰাৰ লগতে তামোল, নাৰিকল বাগানতো বিস্তৰ ক্ষতি কৰিছে। তামুলপুৰ মহকুমাৰ কাউলীৰ নাৰায়্ণপুৰ, চন্দনপুৰ, নবিনগাঁৱত নিশা এইদৰে হাতী খেদাত ব্যস্ত থাকিল অঞ্চলটোৰ ৰাইজ।

হাতীৰ উপদ্ৰৱত এইদৰে দৈনিক উজাগৰে পাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। উল্লেখ্য যে, বিগত এমাহ ধৰি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই মানুহ ঘৰ-দুৱাৰ, বাৰীৰ তামোল-নাৰিকল ভাঙি, বিঘাই বিঘাই পকা ধান খাই তহিলং কৰে৷ বনৰীয়া হাতীয়ে সীমান্ত অঞ্চলৰ কৃষক সকলৰ শ শ বিঘা পকা ধান খাই তহিলং কৰাৰ লগতে সহস্ৰাধিক ফল ধৰা তামোল গছ ভাঙি নষ্ট কৰিছে।

বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱৰ পৰা পৰিত্ৰান পাবলৈ এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজে৷ নিশা বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো অঞ্চলটোত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। কেৱল অবৈধ শীল বালি গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাতে ব্যস্ত থাকে বন বিভাগৰ লোক বুলিও অভিযোগ তুলিছে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in