চিৰাঙত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

চিৰাঙত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। শুকুৰবাৰৰ নিশা বনৰীয়া হাতীৰ এটা জাক খাদ্যৰ সন্ধানত ওলাই আহি দেউশ্ৰীৰ বনগাঁৱত প্ৰবেশ কৰে।

বন্যহস্তীৰ জাকটোৱে বহুকেইটা বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। গাঁওখনৰ তামোল বাগিছা, কল গছ ভাঙি খাই তচনচ কৰি থৈ যায় হাতীৰ জাকটোৱে। বিগত এমাহ ধৰি প্ৰতিনিশাই গাঁওখনত প্ৰৱেশ কৰে বনৰীয়া হাতীৰ জাকটোৱে।

এই সন্দৰ্ভত বন বিভাগৰ লোকক বহুবাৰ অৱগত কৰিছে গাঁওবাসীয়ে। কিন্তু আজিলৈকে বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in