কিয় বলীউড ত্যাগ কৰিব ওলাইছে জায়ৰাই? সঁচাকৈয়ে কৰ্মতকৈও ধৰ্ম উৰ্ধ্বত নেকি ‘দংগল’ গাৰ্লৰ বাবে?

কিয় বলীউড ত্যাগ কৰিব ওলাইছে জায়ৰাই? সঁচাকৈয়ে কৰ্মতকৈও ধৰ্ম উৰ্ধ্বত নেকি ‘দংগল’ গাৰ্লৰ বাবে?

ডিজিটেল ডেস্কঃ অভিনয়ত ধৰ্মৰ কোনো মূল্য নাই। এগৰাকী হিন্দু ধৰ্মাৱলম্বীয়েও চৰিত্ৰৰ খাতিৰত নামাজ পঢ়িব লগা হ'ব পাৰে। অথৱা এগৰাকী মুছলমান অভিনেত্ৰীয়েও চৰিত্ৰই বিচাৰিলে সেওতাত সেন্দুৰ ল'ব লাগিব পাৰে। সেই বাবেই অভিনয়ৰ পৰা সদায় ধৰ্মক পৃথক কৰি ৰখা হয়। এনে কাৰণতে বহু অভিনেতা-অভিনেত্ৰী ধৰ্মীয় সংস্থাসমূহৰ ৰোষত পৰিবলগীয়াও হৈ আহিছে। কিছু বছৰ পূৰ্বে অভিনেতা আমিৰ খানে এখন ছবিৰ শ্বুটিঙৰ সময়ত মন্দিৰ দৰ্শন কৰাৰ সময়ত তেওঁৰ ধৰ্মৰে একাংশ লোক অভিনেতাজনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। কিয়নো মুছলমান হৈ তেওঁ হিন্দু মন্দিৰত প্ৰৱেশ দৰি 'ইমান' নষ্ট কৰিছে।

মন্দিৰ দৰ্শনৰ সময়ত আমিৰ খান

অভিনেত্ৰী ৰবিনা টেণ্ডনে এনেদৰে এবাৰ এগৰাকী মুছলমান মহিলাৰ চৰিত্ৰত অভিনয় কৰি হিন্দু মন্দিৰৰ অৱমাননা কৰাৰ অপৰাধত সৰৱ হৈ পৰিছিল কেৰালাৰ এটা হিন্দুত্ববাদী সংস্থা। বহু কলা-কুশলী এনেদৰে ধৰ্মীয় সংস্থা সমসূহৰ ৰোষত পৰিলেও কিন্তু বলীউড এনে এখন জগত য'ত সকলোৰে ধৰ্ম মাথো এটাই। সেয়া হৈছে 'অভিনয়'। এই জগতখনত সকলোৱে নিজ নিজ ধৰ্মক একাষৰীয়াকৈ থৈ কেৱল কৰ্মকে ধৰ্ম হিচাপে গ্ৰহণ কৰাৰ বাবেই বলীউডৰ বাস্তৱ ক্ষেত্ৰতো দেখা পোৱা যায় ইন্টাৰ মেৰিজ। বলীউডতে অভিনয় কৰা হিন্দু কৰীণা কাপুৰৰ স্বামী হৈছে ছৈফ আলী খান। শ্বাহৰুখ খানৰ পত্নী হৈছে গৌৰী চিব্বাৰ।

হিন্দু ৰীতি নীতিৰে সম্পন্ন হৈছিল শ্বাহৰুখ খানৰ বিবাহ

বলীউড তাৰকাৰ এনে দৃষ্টিভংগীৰ মাজতো কিন্তু পৃথক এগৰাকী অভিনেত্ৰী। যিয়ে ধৰ্মৰ খাতিৰত অভিনয় জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ইছলাম ধৰ্মাৱলম্বী এইগৰাকী অভিনেত্ৰীয়ে ধৰ্মক কৰ্মতকৈ উৰ্ধ্বত ৰাখে। যাৰ বাবে অভিনয় জগতত ভৰি থোৱাৰ ৫ বছৰ পিছতো তেওঁ এটাই ভয় কৰে- কেনেবাকৈ এই কৰ্মই তেওঁক ধৰ্মভ্ৰষ্ট কৰিব পাৰে নেকি? আৰু যদি কৰিব পাৰে, তেনে হোৱাৰ আগতেই ত্যাগ কৰাই ভাল এই জগত। অভিনয় জগতৰ নাম, যশ, খ্যাতিতকৈ তেওঁক 'ইমান' বেছি গুৰুত্বপূৰ্ণ। ধৰ্মৰ স্বাৰ্থত অভিনয় জগত ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা এইগৰাকী অভিনেত্ৰী হৈছে 'দংগল'খ্যাত জায়ৰা ৱাছিম।

দংগলৰ এক দৃশ্যত আমিৰ খান আৰু জায়ৰা ৱাছিম

২০১৬ চনত আমিৰ খানৰ ব্লকব্লাষ্টাৰ ছবি 'দংগল'ৰ জৰিয়তে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কাশ্মীৰি কন্যা জায়ৰাই। সেই সময়ত মাত্ৰ ১৫ বছৰীয়া জায়ৰাই ভাৰতীয় এথেলিট গীতা ফোগাটৰ শিশুকালৰ চৰিত্ৰটোত অভিনয় কৰিছিল। চুটি চুলি, হাফপেন্ট পিন্ধা গীতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰা জায়ৰাই ছবিখনৰ মুক্তিৰ পিছতে দৰ্শকৰ পৰা লাভ কৰিছিল অভূতপূৰ্ব সমাদৰ।

ছবিখনৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল জায়ৰাই। কেতিয়াও অভিনয় কৰিম বুলি নভৱা জায়ৰাই ৰাতিৰ ভিতৰতে হৈ পৰিছিল বলীউডৰ চুপাৰষ্টাৰ। তাৰ পিছতে জায়ৰাই আমিৰ খানৰ সৈতে আন এখন ছবিত অভিনয় কৰে। 'চিক্ৰেট চুপাৰাষ্টাৰ' ছবিখনত জায়ৰাক দৰ্শকে আবিস্কাৰ কৰিলে অন্য এক ৰূপত। এটি গোড়া মুছলমান পৰিয়ালত পিতৃৰ অলেখ বাধাৰ পিছতো একমাত্ৰ মাতৃৰ সমৰ্থনেৰে এদিন গায়িকা হিচাপে সফলতা অৰ্জন কৰা এগৰাকী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল জায়ৰাই। সেই ছবিখনেও দৰ্শকৰ পৰা লাভ কৰিলে বিশেষ সমাদৰ। ছবিখনত অভিয়নৰ বাবে জায়ৰা ৱাছিমে লাভ কৰে ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ ক্ৰিটিকছ সন্মান।

ফিল্ম ফেয়াৰৰ ৰঙা দলিছাত খোজ জায়ৰা ৱাছিমৰ

মাত্ৰ দুখন ছবিৰেই বলীউডত খোপনি পুতিবলৈ সক্ষম হোৱা জায়ৰাৰ আন এখন ছবি এতিয়া মুক্তিৰ পথত। প্ৰিয়ংকা চোপ্ৰাৰ জীয়াৰিৰ চৰিত্ৰত অভিনয় কৰিছে এইখন ছবিত জায়ৰাই। ছবিখনৰ নাম 'দ্য স্কাই ইজ পিংক'। ছবিখনৰ মুখ্য চৰিত্ৰত দেখা যাব অভিনেতা ফাৰহান আখতাৰক। কিন্তু 'দ্য স্কাই ইজ পিংক'ত ১৮ বৰ্ষীয় জায়ৰাক এগৰাকী পূৰ্ণ অভিনেত্ৰীৰূপে দেখা পোৱাৰ পূৰ্বেই অভিনেত্ৰীগৰাকীয়ে অভিনয় জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। যি সিদ্ধান্তই এতিয়া বলীউডৰ লগতে ছ'চিয়েল মিডিয়াতো লাভ কৰিছে বিশেষ চৰ্চা।

চিক্ৰেট চুপাৰাষ্টাৰৰ এক দৃশ্যত জায়ৰা

একমাত্ৰ ধৰ্মৰ বাবেই জায়ৰাই হেনো ত্যাগ কৰিবলৈ ওলাইছে তেওঁৰ অভিনয় যাত্ৰা। জায়ৰা ৱাছিমে ছ'চিয়েল মিডিয়াত এটা সুদীৰ্ঘ পোষ্ট কৰি তেওঁৰ কৰ্মজীৱন ত্যাগ কৰাৰ বিষয়ে জনাইছে। য'ত তেওঁ লিখিছে- 'মই অভিনয়ৰ সৈতে জড়িত হৈ থাকিলেও প্ৰতি পল মোৰ এনে অনুভৱ হৈ আহিছে যে মই যেন মোৰ ধৰ্মৰ প্ৰতি আৰু আল্লাহৰ সঠিক পথক অৱমাননা কৰিছো। মই যেন মোৰ 'ইমান'ৰ পৰা দিকভ্ৰষ্ট হৈ পৰিছো। এয়া মোৰ বাবে অতি অসহ্যকৰ। সেইবাবেই মই বলীউডত ৫ বছৰ অতিক্ৰম কৰাৰ পিছত এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো।'

২০০০ চনৰ ২৩ অক্টোবৰত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত জন্মলাভ কৰে জায়ৰা ৱাছিমে। তেওঁৰ পিতৃ জাৰকা ৱাছিম আৰু মাতৃ জাহিদ ৱাছিম ধৰ্মান্ধ নহ'লেও ইছলামৰ সঠিক পথত চলাত বিশ্বাসী। মুছলমানৰ 'ইমান' বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁলোক সকলো কৰিবলৈ সাজু। যি সময়ত আমিৰ খানে জায়ৰাক অভিনয়ৰ সৈতে জড়িত কৰাইছিল, সেই সময়তো জায়ৰাৰ পিতৃ জাৰকা ৱাছিমে এটা কথাই কৈছিল- 'অভিনয় মোৰ সন্তানৰ বাবে কেতিয়াও পেছা হ'ব নোৱাৰে।'

পিতৃ-মাতৃৰ সৈতে জায়ৰা ৱাছিম

অভিনয়ক জায়ৰাই পেছা হিচাপে লোৱা নাছিল। কিন্তু অভিনয় তাই সঠিকভাৱেই কৰিছিল। 'দংগল'ৰ শ্বুটিঙৰ সময়ত অভিনয় কৰা চৰিত্ৰটো ফুটাই তুলিবলৈ কষ্ট কৰিছিল। 'দংগল'ৰ মুক্তিৰ পিছত দিয়া এক সাক্ষাৎকাৰত জায়ৰাই নিজেই কৈছিল- 'ছবিখনৰ খাতিৰত প্ৰতি দুদিনৰ মুৰে মুৰে আমাৰ চুলিবোৰ চুটি চুটিকৈ কাটি পেলোৱা হৈছিল। সেয়া দেখিবলৈ অতি বেয়া লাগিছিল। মোৰ লগৰ বোৰেও মোক জোকাইছিল সেই সময়ত। মোৰো দুখ লাগিছিল। কিন্তু অভিনয় আৰু চৰিত্ৰৰ খাতিৰত মই সেয়া কৰিছিলো। কাৰণ মই বিচাৰিছিলো যাতে মই মোৰ কাম ভালকৈ কৰিব পাৰো।'

এক সাক্ষাৎকাৰৰ মুহূৰ্তত আমিৰ খানৰ সৈতে জায়ৰা

সেইগৰাকী জায়ৰায়েই যেতিয়া বলীউড ত্যাগ কৰাৰ সিদ্ধান্ত লৈ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিলে, তাৰ পিছতে বিভিন্নজনে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। বলীউডৰ কে'বাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে জায়ৰাই বলীউড ত্যাগ কৰাটোৱে কোনো প্ৰভাৱ নেপেলায় বুলি ক'লে। আন বহুতেই দুখ ব্যক্ত কৰিলে এইদৰে যে কেৱল ধৰ্মৰ বাবেই জায়ৰাই অভিনয় ত্যাগ কৰা উচিত নহয়। এগৰাকী বিজেপি নেতাই জায়ৰাই ধৰ্মৰ নামত অভিনয় ত্যাগ কৰাৰ পৰা হিন্দু অভিনেত্ৰীসকলে শিক্ষা লোৱা উচিত বুলিও মন্তব্য কৰে।

ৰণবীৰ কাপুৰৰ সৈতে জায়ৰা ৱাছিম

যোৱা ৩০ জুনত জায়ৰাই ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল অভিনয় ত্যাগৰ বিষয়ে। তাত তেওঁ লিখিছিল- 'মই মোৰ লক্ষ্য সম্পৰ্কে এতিয়া বুজিবলৈ আৰম্ভ কৰিছো। মই আজি অভিনয়ৰ সৈতে ৫ বছৰ অতিক্ৰম কৰিলো, কিন্তু মই স্বীকাৰ কৰো যে মোৰ এই কৰ্মৰ সৈতে মই সুখী নহয়। মোৰ এনে অনুভৱ হয় যেন মই আন কিবা পাবলৈহে সংঘৰ্ষ কৰিছিলো। যেতিয়াই মই সেয়া বুজিবলৈ আৰম্ভ কৰিলো, তেতিয়াই মোৰ ভাৱ হ'ল, যদিও মই বলীউড জগতত ভালদৰে থিতাপি ল'ব পাৰো, তথাপিও মই মোৰ কামৰ সৈতে নিজকে সংপৃক্ত অনুভৱ নকৰিম।'

https://www.instagram.com/p/BzUBXYrlsml/?utm_source=ig_embed
জায়ৰা ৱাছিমৰ ছ'চিয়েল মিডিয়াৰ পোষ্টটো…

জায়ৰা ৱাছিমৰ বাবে ধৰ্ম কৰ্মতকৈ উৰ্ধ্বত। তাতকৈও উৰ্ধ্বত তেওঁৰ মনৰ সন্তুষ্টি। যি কামত ধৰ্মৰ প্ৰতি আস্থা নাই অথৱা মনৰ সন্তুষ্টি নাই, সেই কামত নাম, যশ, ধন থাকিলেও জড়িত হৈ থাকিব নিবিচাৰে জায়ৰাই। সেইবাবেই এই অভিনেত্ৰীগৰাকীয়ে ১১ অক্টোবৰত মুক্তি পাবলগীয়া তেওঁৰ আহিবলগীয়া ছবি 'দ্য স্কাই ইছ পিংক'ৰ প্ৰমোচনতো অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ প্ৰথমে শিক্ষা সাং কৰি পিছত পচন্দৰ কোনো এক কামত নিয়োজিত হ'ব বিচাৰে। য'ত অন্তত তেওঁ অনুভৱ কৰিব নালাগে যে তেওঁ ধৰ্মক অৱমাননা কৰিছে।

এনেদৰে ধৰ্মৰ বাবেই অভিনয় জীৱন ত্যাগ কৰা জায়ৰা ৱাছিমেই কেৱল একমাত্ৰ অভিনেত্ৰী নহয়। বলীউডৰ লগতে হলীউডৰো এনে বহু অভিনেতা, অভিনেত্ৰীয়ে ধৰ্ম অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অভিনয় কেৰিয়াৰৰ নাম যশ, খ্যাতিক প্ৰত্যাখ্যান কৰিছে। হলীউডৰ চিয়ান কন্নেৰী, কেমৰণ ডিয়াজ, জেক গ্লীছন, গ্ৰেতা গাৰ্বোৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে ধৰ্মৰ বাবে অভিনয় এৰিছিল। ভাৰতীয় ছবিজগতৰ মন্দাকিনী, ময়ূৰী কানগ'ৰ দৰে অভিনেত্ৰীয়ে একমাত্ৰ 'ইমান' নষ্ট হোৱাৰ ভয়তে ত্যাগ কৰিছিল অভিনয় জগত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in