ভাৰতীয় বায়ু সেনাৰ হাতত ৰাফেল যুঁজাৰু বিমান! কিয় শংকিত শত্ৰু ৰাষ্ট্ৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মঙলবাৰে ফ্ৰান্সৰ পৰা ভাৰতে লাভ কৰিলে ৰাফেল যুঁজাৰু বিমান। খোদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফ্ৰান্সৰ ৰাজধানী পেৰিছত উপস্থিত হৈ গ্ৰহণ কৰে এই অত্যাধুনিক প্ৰযুক্তিসম্পন্ন যুঁজাৰু বিমানখন। ৰাফেল লাভ কৰাৰ পাছতেই এতিয়া চৰ্চা হৈছে যে, ভাৰতৰ শত্ৰু ৰাষ্ট্ৰসমূহ শংকিত হৈ পৰিছে ইয়াক লৈ।

প্ৰশ্ন উত্থাপন হৈছে যে, এই ৰাফেলযুঁজাৰু বিমানত কি আছে যাৰ বাবে শংকিত হৈছে শত্ৰু ৰাষ্ট্ৰসমূহ। ৰাফেল বিমানখনঅত্যাধুনিক প্ৰযুক্তিসম্পন্ন এখন যুঁজাৰু বিমান। কিন্তু ভাৰতক দিয়া এই ৰাফেলবিমানত কৰা হৈছে বহু সালসলনি। ভাৰতক প্ৰদান কৰা এই ৰাফেলত মিটিয়ৰ আৰু স্কাল্পমিজাইল সংযোগ কৰা হৈছে। আৰু পূৰ্বতকৈ অধিক ভয়ানক ৰূপে নিৰ্মাণ কৰা হৈছে এইবিমানখন।

মিটিয়ৰ এডভান্স এক্টিভ ৰেডাৰ ছীকৰসংযোগ কৰা হৈছে ৰাফেলত। যাৰ দ্বাৰা যিকোনো বতৰত ই আক্ৰমণ কৰিবলৈ সক্ষম। দ্ৰুতবেগীজেটৰ পৰা আৰম্ভ কৰি সৰু সৰু বিমানসমূহৰ লগতে ক্ৰুজ মিজাইলকো এবাৰতে ধ্বংস কৰিব পৰাক্ষমতা আছে এই মিটিয়ৰত।

স্কাল্পযুক্ত ৰাফেলে কি কি কৰিবলৈ সক্ষমঃ

স্কাল্পে প্ৰায় ৩০০ কিলোমিটাৰ দূৰৰলক্ষ্যলৈ আক্ৰমণ কৰিব পাৰে। উল্লেখ্য যে, স্কাল্প ব্ৰিটেইনৰ ৰ'য়েল এয়াৰফৰ্চ আৰুফ্ৰান্সৰ বায়ু সেনাৰ অংশ। আৰু এই ৰাফেলৰ সহায়ত ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সীমাতপ্ৰৱেশ নকৰাকৈয়ে কৰিব পাৰিব এয়াৰ ষ্ট্ৰাইক।

বৰ্তমান ভাৰতীয় বায়ু সেনাৰ আছে ৩৩স্কুৱাড্ৰ'ন। আৰু প্ৰতিটো স্কুৱাড্ৰ'নত আছে ১৬ৰ পৰা ১৮খন যুঁজাৰু বিমান। আটাইতকৈপুৰণি মিগ-২১ বিমানৰ ৮টা স্কুৱাড্ৰন আৰু মিগ ২৭ৰ ৩টা স্কুৱাড্ৰন ২০২২লৈ অৱসৰগ্ৰহণকৰিব। আৰু যদি এনে হয় তেন্তে ভাৰতীয় বায়ু সেনাৰ ২৮টা স্কুৱাড্ৰনলৈ হ্ৰাস পোৱাৰসম্ভাৱনা আছে। আৰু তেনেস্থলত যদি ৰাফেল যুঁজাৰু বিমান ভাৰতৰ হাতত থাকে তেন্তেদেশখন সুৰক্ষিত হৈ থাকিব।

ৰাফেল হ'ব সন্ত্ৰাসবাদৰ বাবে কালঃ

ৰাফেল ক্ৰুজ মিজাইল ষ্টৰ্ম শ্বেড' সম্পন্ন।আৰু এই ক্ৰুজ মিজাইল ৫০০ কিলোমিটাৰ দূৰলৈ বায়ুত আক্ৰমণ কৰিব পাৰে। আৰু ১০০০কিলোমিটাৰ প্ৰতিঘণ্টাৰ গতিত আক্ৰমণ কৰে ৰাফেলৰ এই মিজাইলে। আৰু এই মিজাইলে প্ৰায়৪৫০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিয়ে।

ৰাফেলৰ বিষয়ে কিছু কথাঃ

  • ৰাফেল যুঁজাৰু বিমানে এবাৰত প্ৰায় ২৬ হাজাৰ কিলোগ্ৰাম ওজন কঢ়িয়াই নিব পাৰে।
  • এই বিমানখনে ৩৭০০ কিলোমিটাৰ ৰেডিয়াছত যিকোনো সময়তে আক্ৰমণ কৰিবলৈ সক্ষম।
  • এই যুঁজাৰু বিমানখনে ৩৬ৰ পৰা ৬০ হাজাৰ ফুট উচ্চতালৈ উৰিব পাৰে। আৰু এই উচ্চতালৈ যাবলৈ মাত্ৰ ১ মিনিটৰ সময় লয়।
  • এবাৰ ইন্ধন সম্পূৰ্ণকৈ ভৰোৱাৰ পাছত প্ৰায় ১০ ঘণ্টালৈ উৰিব পাৰে ৰাফেল বিমান।
  • এই বিমানৰ দ্বাৰা বায়ুৰ পৰা মাটিত আৰু এয়াৰ টু এয়াৰ আক্ৰমণ কৰিব পাৰি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in