ভাৰতৰ লগত চলি থকা সীমা বিবাদৰ মাজতে সেনাক হাই এলাৰ্টৰ আহ্বান কিয় চীনৰ…

ভাৰতৰ লগত চলি থকা সীমা বিবাদৰ মাজতে সেনাক হাই এলাৰ্টৰ আহ্বান কিয় চীনৰ…

ডিজিটেল ডেস্কঃ পুৱ লাডাখত ভাৰত আৰু চীনৰ মাজত সীমা বিবাদক লৈ  উত্তেজনা অব্যাহত আছে। বিশ্বৰ দৃষ্টিত ভাল হ'বলৈ, চীনে ভাৰতৰ সৈতে শান্তি আলোচনাৰ কথা কয় যদিও পৰিতাপৰ কথা যে বাস্তৱিকতে চীনে গোপনে যুদ্ধৰ বাবেহে প্ৰস্তুতি চলাই আছে বুলিহে খবৰ প্ৰকাশ পাইছে। চীনৰ এনে উদ্দেশ্য তেতিয়াই পোহৰলৈ আহিছে যেতিয়া চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে তেওঁৰ সেনাক যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছিল। জিনপিঙে চীনা সেনাক অনৱৰতে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙে মঙ্গলবাৰে গোৱাংগডোংগ ৰ দক্ষিণ প্ৰান্তৰ এটা সামৰিক ঘাটি ভ্ৰমণ কৰে আৰু যুদ্ধৰ বাবে সাজু হ'বলৈ সেনাক সাজু থাকিবলৈ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি  জিনপিঙে পিপ'লছ লেবাৰনেচন আর্মিক কয় যাতে তেওঁলোকে যুদ্ধৰ প্ৰস্তুতিৰ বিষয়টোত নিজৰ সম্পূৰ্ণ মন আৰু শক্তি বৰ্তাই ৰাখে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in