অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক’লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যৰ প্ৰলংকাৰী বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দল সংগঠনসমূহে সময়ে সময়ে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে দাবীটোৰ প্ৰতি মুঠেই গুৰুত্ব নিদিয়াৰ অভিযোগ পুৰণিকলীয়া। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিত লৈ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অৱশেষত প্ৰকৃত ছবি দাঙি ধৰি ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

শুকুৰবাৰে কোকৰাঝাৰত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বানপানীৰ পিছত হোৱা প্ৰকৃত ক্ষয় ক্ষতিৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰৰ অৱগত নহয়। বানপানী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আজিলৈকে ৰাজ্য চৰকাৰে ৫০০ কোটি টকাৰো প্ৰজেক্ট কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা নাই।

বানপানীয়ে ৰাষ্ট্ৰীয় সমস্যা হিচাপে মৰ্যদা পাবলৈ হ'লে বানপানীৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব লাগিব আৰু তাৰ বাবে চৰকাৰৰ যি কৰণীয় সেয়া কৰা উচিত বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। চৰকাৰে দুই কোটি বা পাঁচ কোটিৰ আঁচনি জমা দিলে কেন্দ্ৰীয় চৰকাৰে সেয়া ৰাজ্য চৰকাৰে কৰিব নোৱাৰিব বুলি কাহানিও নাভাৱে।

পুঠীমাৰি নদীত কমেও এহেজাৰ কোটি আৰু ব্ৰহ্মপুত্ৰ নদীত কমেও এক লাখ কোটিৰ আঁচনিৰ প্ৰয়োজন বুলি মন্তব্য কৰে। লগতে সাংসদগৰাকীয়ে কয়, ডাঙৰ আঁচনি দিলেই সেয়া গ্ৰহণযোগ্য নহ'ব বুলি ভৱা মানসিকতা পৰিত্যাগ কৰিবৰ হ'ল। কেন্দ্ৰীয় চৰকাৰে নোৱাৰা কাম একো নাই বুলি মত পোষণ কৰিছে।

তদুপৰি দিল্লীৰ পৰা মন্ত্ৰীয়ে আহি হেলিকপ্টাৰেৰে বানপানী পৰিদৰ্শন কৰিলে বান সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰি বানপানীৰ ক্ষয় ক্ষতিৰ পৰিমাণ সঠিক ৰূপত উপস্থাপন কৰিলেহে সমস্যাৰ সমাধান হ'ব বুলি তেওঁ মন্তব্য কৰে। জিলা পৰ্যায়ৰ বিষয়াৰ সলনি মুখ্য সচিব, কমিছনাৰ সকলে বানপীড়িত অঞ্চললৈ নিজে গৈ স্বচক্ষে প্ৰত্যক্ষ কৰিলেহে উপলদ্ধি হ'ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

আজিলৈকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগত ৰাজ্য চৰকাৰে কোনো প্ৰকল্পই দাখিল কৰা নাই আৰু সঠিক ৰূপত প্ৰকল্প উপস্থাপন অবিহনে কেন্দ্ৰীয় চৰকাৰে বানপানী গৰাখহনীয়াৰ বিষয়টো ডাঙৰ বুলি নাভাৱে বুলি মন্তব্য কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in