৩১ আগষ্টৰ পাছত অসম আৰক্ষীৰ নতুন সঞ্চালকপ্ৰধান কোন হ’ব?

৩১ আগষ্টৰ পাছত অসম আৰক্ষীৰ নতুন সঞ্চালকপ্ৰধান কোন হ’ব?

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ কাৰ্যকাল অন্ত পৰিব এই বৰ্ষৰ ৩১ আগষ্টত। অৰ্থাৎ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ দিনাই বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ কাৰ্যকাল শেষ হ'ব।

অতি স্পৰ্শকাতৰ এই সময়খিনিত ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধানৰূপে সোণোৱাল চৰকাৰে কাক নিযুক্তি দিব তাক লৈ এতিয়া দিছপুৰত চলিছে ব্যাপক চৰ্চা। ৰাজ্যৰ গৃহ বিভাগে আৰক্ষী সঞ্চালকপ্ৰধানৰ পদৰ বাবে ৫ জনীয়া আইপিএছ বিষয়াৰ এখন তালিকা প্ৰস্তুত কৰিছিল। সেই তালিকাৰ শীৰ্ষত আছে ১৯৮৬ চনৰ আইপিএছ বিষয়া অনিল কুমাৰ ঝাৰ নাম।

ইয়াৰ লগতে চৰ্চালৈ আহিছিল মেঘালয়ৰ বৰ্তমান আৰক্ষী সঞ্চালকপ্ৰধান চন্দ্ৰনাথন আৰু আন এগৰাকী আইপিএছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ নাম। ইতিমধ্যে ডেপুটেশ্যনত থকা জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ পদ গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় বুলি খবৰ প্ৰকাশ পাইছে।

আৰক্ষী সঞ্চালকপ্ৰধানৰূপে চৰ্চালৈ অহা আন দুগৰাকী আইপিএছ বিষয়া আছিল একে সিনহা কাশ্যপ আৰু ভাস্কৰজ্যোতি মহন্ত। অসম-মেঘালয়ৰ ১৯৮৮ চনৰ আইপিএছ কেডাৰ ভাস্কৰজ্যোতি মহন্তই এই দায়িত্ব লাভ কৰিব পাৰে বুলি চৰ্চা চলিলেও শেষ মুহূৰ্তত এই পদত হিমাচল প্ৰদেশৰ ১৯৮৮ বৰ্ষৰ আইপিএছ বিষয়া তপন ডেকাক নিযু্ক্তি দিয়াক লৈও চিন্তা চৰ্চা চলিছে।

উল্লেখ্য যে, আইবিত কৰ্মৰত এইগৰাকী আইপিএছ বিষয়াই দীৰ্ঘ সময় চোৰাংচোৱা বিভাগতে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। অসমতো কিছু দিনৰ পূৰ্বলৈকে কৰ্মৰত হৈ থকা তপন ডেকা তিনি মাহৰ পূৰ্ব নতুন দিল্লীলৈ বদলি হৈ গৈছে। হিমাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক পদৰ বাবেও নাম চৰ্চালৈ আহিছিল এইগৰাকী আইপিএছ বিষয়াৰ।

১৯৮৬ বৰ্ষৰ অসম-মেঘালয়ৰ আইপিএছ কেডাৰ অনিল কুমাৰ ঝা চাকৰিৰ কাৰ্যকাল মাত্ৰ ৭ মাহ থকাৰ বাবে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ পদৰ বাবে তেওঁৰ নাম তালিকাৰ শীৰ্ষত থাকিলেও কেৱল ৭ মাহৰ বাবে এই পদত তেওঁক নিযুক্তি দিব নে নাই তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। অনিল ঝা আৰক্ষী সঞ্চালক পদত নিযুক্তি লাভ নকৰিলে উক্ত পদৰ বাবে তপন কুমাৰ ডেকাকে নিৰ্বাচন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দিছপুৰৰ এক সূত্ৰত প্ৰকাশ।

অৱশ্যে ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব আৰু দুটা বা তিনিটা দিন। ৩১ আগষ্টত এন আৰ চিৰ তালিকা প্ৰকাশৰ পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰিব কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান। ২৭-২৮ আগষ্টৰ ভিতৰত ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ নাম ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in