গোৱালপাৰা জিলা পৰিষদ গঠনৰ বাবে শাসক-বিৰোধী ব্যস্ত ঘোঁৰা কিনাত

গোৱালপাৰা জিলা পৰিষদ গঠনৰ বাবে শাসক-বিৰোধী ব্যস্ত ঘোঁৰা কিনাত

ডিজিটেল সংবাদ, গোৱালপাৰাঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে গোৱালপাৰাৰ জিলা পৰিষদখন নিজৰ দখললৈ অনাৰ বাবে শাসক বিৰোধী উভয়ে ঘোঁৰা কিনাত ব্যস্ত হৈ পৰিছে। জিলা বিজেপিৰ একাংশ স্থনীয় নেতাই বিৰোধী পক্ষৰ সদস্যক মেনেজ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে গোৱালপাৰা জিলা কংগ্ৰেছ (আই)দলে লক্ষ্যণীয়ভাৱে জলেশ্বৰ বিধানসভা সমষ্টিৰ তিনি এই আই ইউ ডি এফৰ বিজয়ী জিলা পৰিষদ সমষ্টিৰ সদস্যক মেনেজ কৰি পৰিষদখন নিজৰ দখললৈ অনাৰ বাবে জোৰদাৰ তৎপৰতা আৰম্ভ কৰিছে।

উল্লেখ্য যে এইবাৰৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ আদি কোনো এটি দলে মেজিক নম্বৰ (সংখ্যা গৰিষ্ঠ)ৰ ৯খন আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ ফলাফল অনুসৰি জিলাখনৰ ১৬ টা জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপি দলে ৩খন, আই ইউ ডি এফ দলে ৩খন, নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩খন আসন লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰে দ্বাৰকা জিলা পৰিষদখন শাসকীয় দলৰ স'তে মিত্ৰটা কৰি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে সমৰ্থন দিয়া এখন নিৰ্দলীয় আসন। বিৰোধী কংগ্ৰেছ (আই) দলে এইবাৰৰ জিলা পৰিষদত সৰ্বাধিক ৭খন আসন দখল কৰি শীৰ্ষত আছে। কংগ্ৰেছ দলে দখল কৰা জিলা পৰিষদ আসন কেইখন হ'ল- ৰংজুলি, কৃষ্ণাই, মাটিয়া, আগিয়া, আমবাৰী, চুনাৰী আৰু ভাষানীপাৰা জিলা পৰিষদ সমষ্টি।

কিন্তু কংগ্ৰেছ দলটোৰো নাই অতীব প্ৰয়োজনীয় মেজিক নম্বৰৰ ৯খন সংখ্যাগৰিষ্ঠ আসন। বৰ্তমানলৈকে জিলা পৰিষদ গঠনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ (আই) দল উভয়ে জিলা পৰিষদখন নিজৰ দখললৈ আনিবলৈ ঘোঁৰা কিনাৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলা কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰে জানিব পৰা মতে, ৭খন আসন দখল কৰা দলটোৱে প্ৰথম অৱস্থাত শ্ৰীসূৰ্য্যগিৰি আৰু দদান জিলা পৰিষদৰ দুই নিৰ্দলীয় সদস্য ক্ৰমে শ্বৰীফা আহমেদ আৰু পাৰ্চিয়া ৰংখক আৰু স্বইচ্ছাই কংগ্ৰেছত যোগদান কৰিব বিচৰা এ আই ডি এফৰ সদস্য এজনক লৈ জিলা পৰিষদ দখল কৰাৰ চিন্তা চৰ্চা কৰা হৈছিল।

কিন্তু শেহতীয়া কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশত নিৰ্দলীয়ক লৈ জিলা পৰিষদ দখলৰ চিন্তা পৰিহাৰ কৰে। সূত্ৰটোৱে দাবী কৰা মতে, ভৱিষ্যতে নিৰ্দলীয় প্ৰাৰ্থীসকলে জিলা পৰিষদ ভংগ কৰাত নিৰ্লজ্জ ভূমিকা ল'ব পাৰে বুলি ধাৰণা কৰিয়েই সামযয়িকভাৱে এই সিদ্ধান্ত পৰিহাৰ কৰিছে হাইকমাণ্ডে। ইয়াৰ বিকল্প হিচাপে জিলা কংগ্ৰেছে হাইকমাণ্ডৰ নিৰ্দেশত বিজেপি দলৰ বিপৰীত মেৰুত অৱস্থান কৰা এ আই ইউ ডি এফৰ তিনি বিজয়ী সদস্যক মেনেজ কৰি জিলা পৰিষদ দখলৰ ব্যাপক তৎপৰতা চলাইছে শেহতীয়াকৈ।

যদি এ আই ইউ ডি এফৰ আসন তিনিখন আহে তেন্তে কংগ্ৰেছৰ আসনৰ সংখ্যা হ'বগৈ দহখন। ইয়াৰ বিপৰীতে জিলা বিজেপিয়েও জিলা পৰিষদ গঠনৰ অংকত ব্যস্ত হৈ আছে। কংগ্ৰেছৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে, জিলাখনৰ দুজনকৈ স্থানীয় নেতাই কংগ্ৰেৰ একাংশ বিজয়ী সদস্যক মেনেজ কৰিবলৈ প্ৰচেষ্টা চলাইছে যদিও অদ্যপি টাৰ্গেত কৰি লোৱা সদস্যসকলৰ স'তে যোগাযোগ কৰিব পৰা নাই নেতা দুজনে।

বিজেপিয়ে নিৰ্দলীয় ৩খন আসন ল'লেও তেওঁলোকৰ আসন হ'বগৈ ৬খন। এইক্ষেত্ৰত বিজেপি দলে কংগ্ৰেছৰ ঘোঁৰা কিনিব নোৱাৰিলে জিলা পৰিষদখন কংগ্ৰেছৰ দখলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অৱশ্যে বিজেপি দলৰ স্থানীয় নেতা দুজনে যি কোনো মূল্যৰ বিনিমত ঘোঁৰা কিনি হ'লেও জিলা পৰিষদ দখল কৰাৰ প্ৰচেষ্টাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এ আই ইউ ডি এফৰ বিজয়ী সদস্য কেইজনে দলীয় বা ব্যক্তিগতভাৱে বিজেপি দলক সমৰ্থন দিয়াটো মুঠেই সম্ভৱ নহয় বুলি দাবী কৰি কংগ্ৰেছ দলেই ১০খন আসনেৰে জিলা পৰিষদ দখল কৰিব বুলি দাবী কৰিছে কংগ্ৰেছৰ শীৰ্ষ সূত্ৰটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in