বকোত কোনে মাৰিব শেষ হাঁহি?

বকোত কোনে মাৰিব শেষ হাঁহি?

ডিজিটেল সংবাদ, বকোঃ অহা ৬এপ্ৰিলত তৃতীয় পৰ্যায়ৰ বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব । কামৰূপ জিলাৰ ৪৮নং বকো বিধান সভা সমষ্টিত সমাগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । বিজেপি , ইউ পি পি এল আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসক নিৰ্বাচনত বিজয়ী কৰিবলৈ সমষ্টিটোত আঞ্চলিক দল হিচাপে প্ৰভাৱ থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জনপ্ৰতিনিধি সকলে প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ।

বিশেষকৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জৰিয়তে গঠিত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , নগৰমল স্বৰ্গীয়াৰী, সোণাৰাম ৰাভা, প্ৰতিনিধি অৰ্জুন চেত্ৰী, পঞ্চমী ৰাভা, কল্পৰাম ৰাভা , ফ্ৰায়লিন আৰ.মাৰাক, জিলা পৰিষদৰ সদস্য ক্ৰমে – কম্বু ৰাভা , সভা ৰাভাকে ধৰি জনপ্ৰতিনিধি সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ সমৰ্থনত ৰাইজৰ মাজত নামি পৰিছে ।

আনকি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ বাহিৰৰ বকোৰ সংখ্যালঘু এলেকাত যোৱা দুদিন ধৰি অসম গণ পৰিষদ আৰু বিজেপি দলৰ নেতা-কৰ্মীৰ সৈতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জনপ্ৰতিনিধি সকলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে । অৱশ্যে ২০১৬ বিধান সভা নিৰ্বাচনতো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জনপ্ৰতিনিধি সকলে মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত নমাৰ পিছতো প্ৰাৰ্থীগৰাকী বিজয়ী হ'বলৈ সক্ষম হোৱা নাছিল । প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসৰ হাতত এঘাৰ হাজাৰ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগা হৈছিল।

এইবাৰ অৱশ্যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ জনপ্ৰতিনিধি সকলে বকোত কংগ্ৰেছ দলৰ মাজত হোৱা বিসম্বাদৰ সুযোগ ল'বলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে । কিমান সফল হয় সেয়া নিৰ্বাচনী ফলাফলতহে ক'ব পৰা যাব। একেদৰে বকোৰ মহাজোঁটৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা বিধায়িকা নন্দিতা দাসে পুনৰবাৰ বকো নিজৰ দখলত নিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিৰ্বাচনী সভা আৰু পৰিয়ালৰ ঘৰে ঘৰে ভোট বিচাৰি গৈ বিধান সভা সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

কেৱল নন্দিতা দাসে নহয় নন্দিতা দাসক পুনৰ বাবে বকোৰ বিধায়িকা কৰি দিছপুৰত পঠিয়াবলৈ বিধায়িকা গৰাকীৰ স্বামী ভবেশ দাসেও নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে । বকোৰ কংগ্ৰেছ শিবিৰটো সম্প্ৰতি বিসম্বাদেৰে জৰ্জৰিত। গতিকে এনে বিসম্বাদৰ মাজেৰে পুনৰবাৰ মহাজোঁটৰ কংগ্ৰেছ দলৰ বকোৰ প্ৰাৰ্থী বিধায়িকা নন্দিতা দাসে সমষ্টিটো নিজৰ দখলত আনিব পাৰে নে নোৱাৰে সেয়া নিৰ্বাচনী ফলাফলতহে ৰাইজে গম পাব ।২

০১৬বিধান সভা নিৰ্বাচনৰ সময়তকৈ এইবাৰ নিৰ্বাচনত বকোৰ সংখ্যালঘু এলেকাত নন্দিতা দাসৰ ভোট কমিব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰাৰ বিপৰীতে হিন্দু ভোটাৰ থকা এলেকাত ভোট বাঢ়িব বুলি ধাৰণা কৰিছে । সমষ্টিটোত তৃণমূল কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাসে নিৰ্বাচনী প্ৰচাৰৰ নামত তেওঁৰ সৈতে বিভিন্ন সময়ত একেলগে ৰাজনীতি কৰা কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী , প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিকে ধৰি যোৱা ২০১৬ চনলৈ বিধায়ক হৈ থকা সময়ছোৱাত নিযুক্তিৰ ব্যৱস্থা কৰি দিয়া অঙ্গনবাদী কৰ্মী-সহায়িকাৰ লগতে তেওঁৰ কাৰ্যকালত চাকৰি দিয়া শিক্ষকৰ পৰিয়ালৰ সৈতে যোগাযোগ স্হাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি প্ৰচাৰ চলিছে ।

তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাসে সমষ্টিটো নিজৰ দখলত অনাৰ বাবে কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ উপৰিও ভাৰতীৰ জনতা পাৰ্টীৰ বিসম্বাদী নেতা-কৰ্মীৰ সৈতে সঘনাই আলাপ-আলোচনাত নামি সুযোগ গ্ৰহণৰ চেষ্টা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । প্ৰাৰ্থী গৰাকীয়ে সেই সুযোগ গ্ৰহণ কৰিবলৈ কিমান সক্ষম হ'ব সেয়া সময়তহে ক'ব পৰা যাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in