পুনৰ দেশে পাব এগৰাকী মহিলা ৰাষ্ট্ৰপতি ! শাসক, বিৰোধীৰ মাজত ব্যাপক প্ৰস্তুতি…

পুনৰ দেশে পাব এগৰাকী মহিলা ৰাষ্ট্ৰপতি ! শাসক, বিৰোধীৰ মাজত ব্যাপক প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হোৱাৰ দিশে। ইতিমধ্যে দেশৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইয়াৰ লগে লগে এতিয়া চৰ্চা হৈছে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী পুৰুষ হ'ব নে মহিলা হ'ব?

ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে শাসনাধিস্ত বিজেপি দলৰ ভিতৰচৰাত প্ৰস্তুতি আৰম্ভ হৈছে। সমান্তৰালকৈ বিৰোধী শিবিৰটো চলিছে ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুতি। বহুধা বিভক্ত বিৰোধীয়ে এগৰাকী উমৈহতীয়া ব্যক্তিক ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ বাবে দীৰ্ঘ দিনৰ পৰা পৰিকল্পনা অব্যাহত ৰাখিছে। অৱশ্যে তেওঁলোক এতিয়াও ঐক্যমতত উপনিত হ'ব পৰা নাই।

শাসনাধিস্ত বিজেপি দলে পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে কাক প্ৰক্ষেপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও কেইবাজনো ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। অৱশ্যে চৰ্চা যিয়েই নহওক প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ঘনিষ্ঠ এজন ব্যক্তিকেই যে পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰিব সেয়া স্পষ্ট।  প্ৰধানমন্ত্ৰী মোডীৰ বাহিৰে এই মুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোন হ'ব সেই কথা কোনেও প্ৰকাশ কৰিব নোৱাৰে বা সেই কথা প্ৰকাশ কৰিবলৈ তেওঁলোকে সেই বিষয়ে জ্ঞাত নহয়।

তথাপিও বিজেপিৰ ভিতৰচৰাত কেইবাজনো ব্যক্তিৰ নাম চৰ্চা হৈ আছে। কোৱা হৈছে চৰ্চিত এই ব্যক্তি কেইজনৰ মাজৰ পৰাই এজনে শেষ মুহূৰ্তত ৰাষ্ট্ৰপতি হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব। চৰ্চিত এই লোকসকলৰ মাজত আছে ৪ গৰাকী বিশেষ ব্যক্তিৰ নাম।

সেই অনুসৰি ছত্তীশগড়ৰ ৰাজ্যপাল অনুসুয়া উইকী, তামিলনাডুৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজন, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু।

অৱশ্যে, যদি তেওঁলোকৰ মাজৰ কোনোবাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হয়, যোৱা আঠ বছৰত এইটো প্ৰথমবাৰৰ বাবে হ'ব যে সংবাদ মাধ্যমৰ অনুমানৰ সত্যতা প্ৰমাণিত হ'ব। কিন্তু ইয়াৰ পৰিসৰ অতি কম।গুৰুত্বপূৰ্ণ কথাটো হ'ল এই চাৰিটা নামৰ ভিতৰত তিনিটা নামেই হৈছে মহিলাৰ। ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী এগৰাকী মহিলা হোৱাৰ সম্ভাৱনা অধিক। যদি সেয়াই হয় তেন্তে ভাৰতে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰিব।

দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ'ব। তেওঁ ২০১৭ চনৰ ২৫ জুলাইত ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। সেই অনুসৰি ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দেশৰ উভয় সদনৰ সাংসদ, বিধায়কসকলে পঞ্চদশ ৰাষ্ট্ৰপতি গৰাকীক নিৰ্বাচন কৰিব লাগিব।

ইতিমধ্যএ এন ডি এ শিবিৰত ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে চৰ্চিত ৪ টা নামৰ ভিতৰত যে এটা নাম চূড়ান্ত তালিকাত উঠিব সেয়া নিশ্চিত হৈছে। কিন্তু বহুধা বিভিক্ত বিৰোধী শিবিৰৰ পৰা কোনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। বিৰোধীৰ মাজত চলি আছে কেৱল সমাধানবিহীন আলোচনা।

তাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিবলৈ বিৰোধীৰ এটা শিবিৰে চেষ্টা চলাই আছে যদিও আন কেইবাগাৰীকও শক্তিশালী ব্যক্তিয়ে ৰাষ্ট্ৰপতি হোৱাৰ মন মেলাৰ বাবে এতিয়া কোন উমৈহতীয়া প্ৰাৰ্থী হ'ব সেয়া চূড়ান্ত কৰিব পৰা নাই।

ৰাষ্ট্ৰপতি হ'বলৈ মন মেলিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বি এছ পিৰ নেত্ৰী মায়াৱতী, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে।  চন্দ্ৰশেখৰে ইতিমধ্যে বিৰোধী দল সমূহক সাক্ষা কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বহু কেইখন বৈঠকত মিলিত হৈছে।

আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হোৱাৰ সম্ভাৱনা অধিক। সেয়েহে নীতিশ কুমাৰক এন ডি এ ত্যাগ কৰিবলৈ বিৰোধী শিবিৰে প্ৰস্তুাৱ দাখিল কৰিছে। যদি নীতিশ কুমাৰে এন ডি এ ত্যাগ কৰে তেন্তে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যে নীতিশ কুামৰ হ'ব সেই কথা চূড়ান্ত বুলি ক'ব নোৱাৰিলেও নস্যত কৰিব নোৱাৰি।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীপক্ষক একত্ৰিত কৰিবলৈ চেষ্টা কৰি থকা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো সাক্ষাৎ কৰিছিল। ৰাৱে দিল্লীত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকো পৃথকে সাক্ষাৎ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা  জনতা দল (চেকুলাৰ)ৰ এইচ ডি দেৱগৌড়াৰ সৈতেও চন্দ্ৰশেখৰ ৰাৱে এই প্ৰসংগত বৈঠকত মিলিত হৈছে।

ইফালে এন ডি এ ৰ প্ৰাৰ্থীৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডীয়ে ল'ব যদিও বিজেপি শিবিৰে ২০২৪ চনৰ নিৰ্বাচনকো লক্ষ্য কৰি লৈছে। সেয়েহে দলটোৱে এইবাৰ এগৰাকী পিছপৰা শ্ৰেণীৰ লোকক বা মহিলাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব পাৰে।

দেশৰ পিছপৰা শ্ৰেণীৰ লোক মুঠ জনসংখ্যাৰ 40 শতাংশতকৈও অধিক। আনহাতে মহিলাসকল ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা। প্ৰধানমন্ত্ৰী মোডীয়ে বহু কেইবাৰ উল্লেখ কৰি থৈছে যে, মহিলাসকল হৈছে বিজেপিৰ নতুন ভোটবেংক। এই কথাক মোডীয়ে মহিলাক লক্ষ্য কৰি ঘোষণা কৰা বিভিন্ন আঁচনিসমূহেও প্ৰমাণ কৰে। সেয়েহে ধাৰণা কৰা হৈছে পিছপৰা শ্ৰেণীৰ মহিলাক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিব পাৰে।

উল্লেখ্য যে নীলম সঞ্জীৱ ৰেড্ডীয়ে ১৯৭৭ চনৰ ২৫ জুলাইত দেশৰ ৯ম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰাই, পৰৱৰ্তী সয়মৰ ৰাষ্ট্ৰপতিসকলে প্ৰতিবাৰেই ২৫ জুলাইতে শপত গ্ৰহণ কৰি আহিছে। ৰেড্ডীৰ পিছত ২৫ জুলাইত গিয়ানি জাইল সিং, আৰ ভেংকটৰমণ, শংকৰদয়াল শৰ্মা, কে আৰ নাৰায়ণন, এ পি জে আব্দুল কালাম, প্ৰতিভা পাটিল, প্ৰণৱ মুখাৰ্জী আৰু ৰামনাথ কোবিন্দে ২৫ জুলাইত শপত গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in