কোন হ’ব গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী!

কোন হ’ব গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী!

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পিছতে গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চলিছে সৰৱ চৰ্চা। ৰাজ্যখনত এন ডি এ শাসন চলাই থকা বিজেপিয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিবলৈ গৈ এতিয়া দোমোজাত পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত সহযোগী দলৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছে যদিও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাচনি কৰিবলৈ সক্ষম হোৱা নাই। কিয়নো বিজেপিয়ে যদি নিজৰ দলৰে কোনো এজন বিধায়কক মুখ্যমন্ত্ৰীৰ পদ অৰ্পন কৰিব বিচাৰিছে, তাৰ বিপৰীতে আকৌ মিত্ৰদলে বিচাৰিছে তেওঁলোকৰ মাজৰ এজন মুখ্যমন্ত্ৰী হোৱাটো।

ৰাজ্যখনৰ বিজেপি বিধায়ক মাইকেল ল'বোই জনোৱা মতে, বিজেপিৰ সহযোগী দল এমজিপিৰ বিধায়ক সুদিন ধাৱলিকাৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে থিয় দিছে যদিও বিজেপিয়ে তেওঁক স্বীকাৰ কৰিব বিচৰা নাই। বিজেপিয়ে নিজৰ দলৰ কোনো এজন বিধায়কক ৰাজ্যখনৰ খালী হোৱা মুখ্যমন্ত্ৰী পদত উপৱিষ্ট কৰাবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। যাৰ বাবে মিত্ৰ দল আৰু বিজেপিৰ মাজত সাধাৰণভাৱে মতবিৰোধ ঘটা বুলিও মন্তব্য কৰে মাইকেল ল'বোই।

উল্লেখ্য যে ২০১৭ চনত অনুষ্ঠিত গোৱাৰ বিধানসভা নিৰ্বাচনত মুঠ ৪০ আসনৰ ১৩ খন আসন লাভ কৰিছিল বিজেপিয়ে। কিন্তু চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২১ খন আসন লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে গোৱা ফৰৱৰ্ড পাৰ্টী, এমজিপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এখন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

আনফালে ২০১৭ৰ বিধানসভা নিৰ্বাচনত ১৭ খন আসন লাভ কৰা কংগ্ৰেছে এতিয়া বিজেপি আৰু মিত্ৰজোঁটৰ মাজত সৃষ্টি হোৱা মতবিৰোধৰ সুযোগ লৈ ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ চেষ্টা চলাব বুলিও চৰ্চা চলিছে। সংখ্যা গৰিষ্ঠতাৰ পৰা মাত্ৰ ৪ খন আসন পিছুৱাই থকা কংগ্ৰেছে যদি চল চাতুৰালিৰে বিজেপিৰে চলি থকা মতবিৰোধৰ সুযোগ লৈ ৪ জন বিধায়কৰ সমৰ্থন আদায় কৰিব পাৰে, তেন্তে নিশ্চিতভাৱে ৰাজ্যখনৰ এনডিএ চৰকাৰ ভংগ হ'ব আৰু কংগ্ৰেছৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in