শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য

শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য

ডিজিটেল সংবাদ, শিলচৰঃ বৃহস্পতিবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱেই সামৰণি পৰে ২নং শিলচৰ সংসদীয় সমষ্টিত৷ অৱশ্যে পুৱাৰ ভাগত কেবাটাও ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ পৰিপ্ৰক্ষিতত ভোট গ্ৰহণত কিছু বিলম্ব ঘটে৷ বৰাকৰ মৰ্যাদাপুৰ্ণ শিলচৰ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩.৮৯ শতাংশ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷

বিধান সভা ভিত্তিত ভোটদানৰ হাৰ এনে ধৰণৰ- ৯ নং শিলচৰ সমষ্টিত ৭৩.৬০ শতাংশ, ১০ নং সোণাই সমষ্টিত ৭৩.৬০ শতাংশ, ১১ নং ধলাই সমষ্টিত ৭২.৬০ শতাংশ, ১২ নং উদাৰবন্দ সমষ্টিত ৭৪.৪০ শতাংশ, ১৩ নং লক্ষীপুৰ সমষ্টিত ৭৩.৯০ শতাংশ, ২৪ নং বৰখলা সমষ্টিত ৭৫ শতাংশ আৰু ১৫ নং কাটিগৰা সমষ্টিত ৭৪.৫০ শতাংশ৷

ইফালে, সমষ্টিটোৰ বিভিন্ন বিধান সভা সমষ্টি আৰু ভোটকেন্দ্ৰ সমুহত ক্ষেত্ৰ ভিত্তিক অধ্যয়ণ কৰি পোৱা তথ্য মতে শিলচৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱ আৰু বিজেপি প্ৰাৰ্থী ডা০ ৰাজদ্বীপ ৰয়ৰ মাজতে মুল নিৰ্বাচনি যুঁজ হৈছে৷ দীৰ্ঘকাল ধৰি সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছে নিৰ্বাচনি বৈতৰণী পাৰ হৈ আহিছে যদিও এইবাৰ চাহ জনগোষ্ঠীৰ ভোট বিভাজন হৈছে৷ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলক বিজেপিয়ে বিনামুলীয়া চাউল যোগান ধৰাত সৰ্বাধিক ভোটাৰে এইবাৰ বিজেপিৰ পক্ষত ভোটদান কৰে৷ ফলত যুগ যুগ ধৰি কংগ্ৰেছৰ দখলত থকা চাহ জনগোষ্ঠীৰ সিংহ ভাগ ভোটাৰে এইবাৰ কংগ্ৰেছক পিঠি দিয়া পৰিলক্ষিত হৈছে৷

চাহ জনগোষ্ঠীৰ প্ৰায় ৭০ৰ পৰা ৮০ শতাংশ ভোট এইবাৰ বিজেপিয়ে লাভ কৰাৰ সম্ভাৱানা আছে। আনহাতে, চাহ জনগোষ্ঠীৰ সিংহ ভাগ ভোট কংগ্ৰেছে হেৰুৱালেও তাতকৈ বেছি সংখ্যক সংখ্যালঘু ভোট এইবাৰ কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ব বুলি অনুমান কৰিব পাৰি। শিলচৰ সমষ্টিৰ ৪ লক্ষাধিক সংখ্যালঘু ভোটাৰৰ প্ৰায় সত্তৰৰ পৰা আশী শতাংশ ভোট এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱৰ পক্ষত ভোটদান হোৱা বুলি বিভিন্ন ক্ষেত্ৰ অধ্যয়ণৰ পৰা জানিব পৰা গৈছে৷

কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে সংখ্যালঘু ভোটাৰৰ সমৰ্থন আদায় কৰাৰ কাৰণ দৰ্শাই একাংশ সচেতন নাগৰিকৰ কয়- কেন্দ্ৰত পুনৰ বিজেপি ক্ষমতালৈ আহিলে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ বিজেপি বদ্ধপৰিকৰ৷ গতিকে এই খিলঞ্জীয়া বিৰোধী বিধেয়কখনক প্ৰতিহত কৰাৰ স্বাৰ্থতে কংগ্ৰেছক সমৰ্থন কৰিবলৈ সংখ্যালঘু সকল বাধ্য৷ এআইইউডিএফে এইবাৰ শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰি কংগ্ৰেছক একচেটিয়া ভাবে সমৰ্থন কৰাতোও দ্বিতীয় কাৰণ হিচাপে গণ্য কৰিছে সংখ্যালঘু ৰাইজে৷

ইফালে, নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি বিজেপিয়ে বাৰম্বাৰ ঘোষণা কৰাত হিন্দু-বাঙালী সকলৰ সৰহ সংখ্যকে এইবাৰ বিজেপিক পুৰ্ণ সমৰ্থন কৰিছে৷ অৱশ্যে, কাছাৰ জিলাৰ খিলঞ্জীয়া হিন্দু-বাঙালীসকলৰ একাংশই কিন্তু নিৰৱে বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰি কংগ্ৰেছৰ পক্ষত ভোটদান কৰা বুলি জানিব পৰা গৈছে৷

তদুপৰি, অনান্য ভাষা-ভাষীৰ খিলঞ্জীয়া ভোটাৰ সকলৰ এটা অংশই বিজেপিৰ বিপক্ষত ভোটদান কৰিছে বুলি সচেতন ৰাজনৈতিক মহলৰ ধাৰণা৷ মুঠৰ ওপৰত এইবাৰ শিলচৰত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকীৰ সংৰক্ষিত ভোট বেংকত যথেষ্ট বিভাজন ঘটিছে৷ কিন্তু সৰ্বোপৰি সংখ্যালঘু সকলৰ কিমান ভোট বিজেপিয়ে আৰু চাহ জনগোষ্ঠীৰ কিমান ভোট কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে শিলচৰ সমষ্টিৰ দুই মহাৰথী সুষ্মিতা দেৱ আৰু ডাঃ ৰাজদীপ ৰয়ৰ ভাগ্য৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in