মৃত্যুৰ পাছত বাজপেয়ীক প্ৰথম শ্ৰদ্ধাঞ্জলি দিছিল কোনে?

মৃত্যুৰ পাছত বাজপেয়ীক প্ৰথম শ্ৰদ্ধাঞ্জলি দিছিল কোনে?

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত ১৬ আগষ্টত আবেলি ৫.০৫বজাত  আনুষ্ঠানিকভাৱে সকলোৱে মানি ল'লে- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই। দিল্লীৰ এইমছৰ আই চি ইউৰ সেই বিশেষ কোঠাটোত থকা জীৱন দায়িনী সকলো কৃত্ৰিম যন্ত্ৰ অৱশেষত খুলি দিয়াৰ সিদ্ধান্ত ল'লে চিকিৎসকে। তাৰ আগতেই  প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে সঘন যোগাযোগ চিলিছিল এইমছ কৰ্তৃপক্ষৰ।

আগদিনাৰ ভেণ্টিলেটৰত থকা বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ সন্ধ্যা ৭.১৫বজাত প্ৰধানমন্ত্ৰী গৈছিল। তেতিয়াই চিকিৎসকে সেই চিৰসত্যৰ উমান দিছিল প্ৰধানমন্ত্ৰীক। তাৰপাছত ১৬ আগষ্টৰ পুৱা চিকিৎসকৰ এটা দল সোমাইছিল আই চি ইউৰ ভিতৰত। বাজপেয়ীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত প্ৰস্তুত কৰা এখন প্ৰতিবেদন জমা দিছিল এইমছৰ সঞ্চালকক।

তাৰ পিছত পি এম অ'ৰ কাৰ্যালয়ক এইমছৰ সঞ্চালকে বাজপেয়ীৰ স্বাস্থ্যৰ শেহতীয়া স্থিতি জনাইছিল। পুৱা আকৌ দৌৰি আহিছিল প্ৰধানমন্ত্ৰী এইমছলৈ। আহি পাইছিল ৰাজনাথ সিং। এজন দুজনকৈ সকলোৱে ভিৰ কৰিছিল এইমছত। তেতিয়াই বুজা গৈছিল কি আহিব পাৰে বাতৰি।

ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি আন দুজনমান মন্ত্ৰী ব্যস্ত হৈ আছিল বাজপেয়ীৰ বাসগৃহত। অমিত শ্বাহৰ ব্যস্ততা বাঢ়িছিল। বাতিল কৰা হৈছিল বিজেপি কাৰ্যনিৰ্বাহক কমিটীৰ বৈঠক। চৌদিশে কেৱল উদ্বিগ্নতা। কি আহে বা ফলাফল? দিল্লীৰ আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত জোৱান-বিষয়া নিয়োগ কৰিলে।

সময় তেতিয়া ১৬ আগষ্টৰ আবেলি ৪.৫০। সকলো প্ৰস্তুতি সম্পন্ন হৈছিল। চিকিৎসকৰ দলটো পুনৰ ব্যস্ত হৈ পৰিল। কৃত্ৰিম যন্ত্ৰবোৰ দেহৰ পৰা আতৰাই দিলে। আৰু এটা শব্দ হৈ ৰৈ গ'ল তেওঁৰ হৃদস্পন্দন। শেষ হৈ গ'ল এক অধ্যায়। তেতিয়া সময় ঘড়ীত আবেলি ৫.০৫ বাজিছিল। সংগোপনে চলিছিল সকলো। বাহৰিলৈ তেতিয়া কোনো খবৰ অহা নাছিল।

মুষ্ঠিমেয় কেইজনমান লোকেহে জানিছিল সেই খবৰ। এইমছৰ এগৰাকী সহায়িকাই টাইপ কৰিছিল এটা বাৰ্তা। য'ত আনুষ্ঠানিকভাৱে লিখা হ'ল তেওঁৰ মৃত্যুৰ বতৰা। আৰু শেষত বাহিৰত ৰৈ থকা গুণমুগ্ধ আৰু সংবাদমাধ্যমক আবেলি ৫.২৭ বজাত জনোৱা হ'ল – He is no more।

তাৰ পূৰ্বেই আই চি ইউৰ ভিতৰতে ১২জনীয়া চিকিৎসকৰ দলে তেওঁৰ নশ্বৰ দেহৰ থকা বিচনাৰ বাওফালে থিয় হ'ল। শিতানত থলে ফুলৰ থোপা। তেওঁলোকে অশেষ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হ'ল। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ পাছত তেওঁৰ চিকিৎসাত নিয়োজিত চিকিৎসক আৰু চিকিৎসা কৰ্মী দলে তেওঁলৈ যাছিলে প্ৰথম শ্ৰদ্ধাঞ্জলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in