সামৰিক পোছাকত অহা চাৰিজনীয়া সশস্ত্ৰ দলে অপহৰণ কৰিছিল নোমল চন্দ্ৰ বৰুৱাক

সামৰিক পোছাকত অহা চাৰিজনীয়া সশস্ত্ৰ দলে অপহৰণ কৰিছিল নোমল চন্দ্ৰ বৰুৱাক

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্তৰ সোণাৰি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক বুধবাৰে অপহৰণ কৰাৰ ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱা ৭.৩০ বজাতে পদব্ৰজে তিনিজন সামৰিক পোছাকধাৰী আৰু এজন অসামৰিক পোছাকত অহা দল এটাই পত্নীৰ সন্মুখৰ পৰাই পৰিচালকগৰাকীক নিজকে আলফা স্বাধীনৰ সদস্য বুলি পৰিচয় দি কিবা আলোচনা থকাৰ কথা কৈ খোজৰঢ়াই লৈ যায়।

প্ৰথমে অপহৰণ বুলি ধৰিব নোৱাৰা বাগানৰ কৰ্মচাৰী আৰু পৰিয়ালৰ লোকে কেইমিনিটমানৰ পাছতে সন্দেহ বশতঃ আৰক্ষীক খবৰ দিয়ে। সেই সময়ৰ পৰাই অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৃহৎ এলেকাত সেনা-আৰক্ষীয়ে অভিযান চলাই বৰ্তমানলৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিচালকগৰাকীৰ।

বাগানৰ এক সূত্ৰৰ খবৰ অনুসৰি, অতি নাটকীয় কায়দাৰে আহি বাগিচাৰ বাসভৱনৰ পৰা পৰিচালকজনৰ অপহৰণ কৰি নিয়াৰ পিছত বাগিচাখনৰ স্বত্বাধীকাৰীক টেলিফোন যোগে তেওঁক অপহৰণ কৰা বুলি জানিবলৈ দিয়ে। স্পৰ্শকাতৰ সীমান্তৱৰ্তী অঞ্চলটোত সেনা আৰু আৰক্ষীৰ তহল চলি থকাৰ মাজতে কেনেদৰে ৪জন অস্ত্ৰধাৰী যুৱক খোজকাঢ়ি আহি এনেদৰে বাগিচা এখনৰ মাজভাগৰ পৰা পৰিচালকজনক লৈ যাব পাৰিলে সেই লৈও ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা এটা মাহৰ ভিতৰতে উজনি অসমৰ জিলা কেইখনত আলফাৰ সক্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। আলফাৰ সেনাধ্যক্ষ পৰেশ অসমৰ ভতিজাককে ধৰি একাংশ যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সমান্তৰালভাৱে মঙলবাৰে জাগুনৰ এজন যুৱকক অপহৰণ কৰাৰ পিছত আজি চৰাইদেউ জিলাত এই অপহৰণৰ ঘটনা সংঘটিত হয়।

স্মৰ্তব্য যে, ১ নৱেম্বৰৰ দিনা তিনিচুকীয়াৰ ধলা-শদিয়া দলঙৰ সমীপত আজিৰ দৰে পদব্ৰজে গৈ পাঁচজনকৈ ভাষিক সংখ্যালঘু লোকক সামৰিক পোছাকধাৰী সশস্ত্ৰ ৫জনীয়া দল এটাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। অৱশ্যে এই ঘটনা আলফাই সংঘটিত কৰা নাই বুলি দুদিন পিছতেই আলফা স্বাধীনে স্পষ্ট কৰিছিল। কিন্তু কালি আৰু আজি সংঘটিত অপহৰণৰ ঘটনা সন্দৰ্ভত আলফাই এতিয়ালৈকে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও বিভিন্ন সূত্ৰই এয়া আলফাৰ দ্বাৰাই সংঘটিত বুলি প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in