ডিঙি বেঁকা কৰি দাঁত নিকটাই ঢেকঢেকাই হাঁহি থকা মানুহজন কোন….

ডিঙি বেঁকা কৰি দাঁত নিকটাই ঢেকঢেকাই হাঁহি থকা মানুহজন কোন….

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত খুবেই ব্যৱহৃত এখন অঁকা ছবি। ফেচবুক, হোৱাটছএপ, টুইটাৰ আদি সকলোতে ব্যৱহাৰ কৰা হৈ আহিছে ছবিখন। সুখ, দুখ, ধেমালি, কৌতুক সকলোতে সমানে ব্যৱহাৰ হৈ আহিছে এই ছবিখন। আনকি কাৰোবাক ট্ৰ'ল দিবলৈও ব্যৱহাৰ কৰা হৈছে ইয়াক। এজন যুৱকে ডিঙি বেঁকা কৰি দাঁত নিকটাই হাঁহি থকাৰ ছবি এয়া। ছবিখন জনপ্ৰিয় হোৱাৰ মূল কাৰণ হৈছে যুৱকজনৰ মুখত লাগি থকা সেই অদ্ভূত হাঁহিটো। যি হাঁহিৰ অৰ্থ বহুত…।

ছ'চিয়েল মিডিয়াত বহুল ব্যৱহৃত এই ছবিখনে এতিয়া ন ন আকৃতি লাভ কৰিছে। মূল ছবিখনৰ বিপৰীতে এতিয়া বিভিন্নী চিত্ৰশিল্পীয়ে একেখন ছবিকেই দিছে নতুন নতুন ৰূপ। ক'ৰবাত যদি কান্দি থকা, ক'ৰবাত আকৌ মুখ বিকটাই থকা। কিন্তু ছবিখনৰ আঁৰত প্ৰকৃত মানুহ এজন আছে। যাৰ এটা মুহূৰ্তক অংকন কৰি এতিয়া তেওঁক ছ'চিয়েল মিডিয়াত বিখ্যাত বা কুখ্যাত কৰা হৈছে। পিছে তেওঁ সাধাৰণ ব্যক্তিও নহয়।

খেলৰ মুহূৰ্তত ইয়াও মিং

ইয়াও মিং। চীনৰ এগৰাকী অৱসৰপ্ৰাপ্ত পেছাগত বাস্কেটবল খেলুৱৈ তেওঁ। ছ'চিয়েল মিডিয়াত বহুল প্ৰচলিত 'মেমে'খন তেওঁৰেই। ইয়াও মিঙৰ এক আনন্দৰ মুহূৰ্তত তেওঁৰ মুখত ফুটি উঠা হাঁহিটো অংকণ কৰি কোনো শিল্পীয়ে প্ৰকাশ কৰিছিল ছ'চিয়েল মিডিয়াত। ডিঙি বেঁকা কৰি এক দাঁত নিকটাই এক অদ্ভূত হাঁহি মাৰি থকা ইয়াও মিঙৰ এই অংকিত চিত্ৰ কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ চকুত পৰিল আৰু তেওঁলোকে নিজ নিজ ধৰণেৰে ছবিখন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।

১৯৮০ চনৰ ১২ ছেপ্টেম্বৰত চীনৰ চাংহাইত জন্মগ্ৰহণ কৰিছিল ইয়াও মিঙে। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়েই আছিল বাস্কেটবল খেলুৱৈ। কিশোৰ কালতে ইয়াও মিঙে চাংহাই চাৰ্কছৰ হৈ বাস্কেটবল খেলিবলৈ সুযোগ লাভ কৰিছিল। তাৰ পিছত তেওঁ চীনৰ বাস্কেটবল এছ'চিয়েশ্যনৰ হৈও খেলিবলৈ সুযোগ পায় আৰু বিশ্বৰ ভিতৰতে এগৰাকী সুদক্ষ বাস্কেটবল খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰে।

৭.৬ ফুট উচ্চতাৰ ইয়াও মিং হৈছে আমেৰিকাৰ নেশ্যনেল বাস্কেটবল এছ'চিয়েশ্যনৰ হৈ খেলা একমাত্ৰ চীনা খেলুৱৈ। লগতে এন বি এত খেলা একমাত্ৰ ওখ খেলুৱৈগৰাকীও তেওঁ। ২০০২ চনত তেওঁ আমেৰিকাৰ হৈ বাস্কেটবল খেলিছিল। ২০১১ চনত ইয়াও মিঙে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰে।

ভৰি আৰু আঁঠুৰ আঘাতৰ বাবেই ইয়াও মিঙে পেছাগত বাস্কেটবলৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছিল। কিন্তু অৱসৰৰ পিছতো তেওঁ ৰৈ যোৱা নাছিল। পেছাগত অৱসৰ গ্ৰহণ কৰিলেও তেওঁ ঘৰুৱা দলৰ সৈতে বাস্কেটবল খেলা অব্যাহত ৰাখে। অৱশ্যে সেয়া নিয়মিয়াকৈ খেলাৰ পৰা বিৰত থাকে ইয়াও মিং।

চীনৰ বহুজাতিক কোম্পানীৰ স্পনছৰশ্বিপ লাভ কৰা এথলিটসকলৰ ভিতৰত ইয়াও মিঙ অন্যতম। তেওঁৰ ওপৰত ইতিমধ্যে নিৰ্মাণ হৈছে এখন তথ্য চিত্ৰ। 'ইয়াওঃ এ লাইফ ইন টু ৱৰ্ল্ড' নামৰ এই তথ্যচিত্ৰখনত খেলুৱৈগৰাকীয়ে এনবিএত প্ৰদৰ্শন কৰা সফলতাক তুলি ধৰা হৈছে। চীনৰ এইগৰাকী প্ৰসিদ্ধ খেলুৱৈৰ ওপৰত লিখি উলিওৱা হৈছে দুখনকৈ গ্ৰন্থ। চীনত 'ইয়াও মিং ফেন'মেনন' আৰু আমেৰিকাত 'মিং ডাইনেষ্টি' নামৰ গ্ৰন্থ দুখনত মিঙৰ জীৱন আৰু খেল যাত্ৰা প্ৰকাশ কৰা হৈছে।

২০১৬ চনৰ এপ্ৰিল মাহত ইয়াও মিঙক নাইছমিথ মেম'ৰিয়েল বাস্কেটবল হল অৱ ফেমত অন্তৰ্ভূক্ত কৰা হয়। তেওঁৰ লগতে হল অৱ ফেমত অন্তৰ্ভূক্ত হয় আন দুগৰাকী প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ ছাকুৱেল অ'নীল আৰু এলেন ইভাৰছনক। ২০১৭ চনৰ ফেব্ৰুৱাৰীত আশা কৰা ধৰণেই চীনৰ বাস্কেটবল এছ'চিয়েশ্যন অৰ্থাৎ চিবিএৰ অধ্যক্ষৰূপে নিৰ্বাচিত হয় ইয়াও মিং।

ছ'চিয়েল মিডিয়াত বহুল ব্যৱহৃত ইয়াও মিঙৰ হাঁহি থকা ফটোখন আচলতে আছিল এটা ভিডিঅ'ৰ স্থিৰ শ্বট। ২০০৯ চনৰ মে'ত এনবিএৰ এখন খেলৰ অন্তত সংবাদ মেল সম্বোধন কৰিছিল ইয়াও মিং আৰু তেওঁৰ সহযোগী খেলুৱৈ ৰন আৰ্টিষ্টে। খেলৰ বিজয় উল্লাসৰ মাজতে সংবাদ মেলত এটা খুহুতীয়া মন্তব্য কৰে ৰন আৰ্টিছে। সেই কথাতে আমোদ পাই ইয়াও মিঙে হাঁহিছিল। যি হাঁহি এতিয়া ছ'চিয়েল মিডিয়াত বহুল প্ৰচলিত।

ইয়াও মিঙৰ সংবাদ মেলৰ ভিডিঅ'টোত ৰন আৰ্টিছে এক অভিজ্ঞতাৰ কথা সুঁৱৰি কৈছিল যে তেওঁ এখন খেল খেলি থকা সময়ত ষ্টেডিয়ামৰ ভিতৰতে তেওঁক দৰ্শকে বীয়েৰ অফাৰ কৰিছিল। উৎকট গৰমত যদি সেই সময়ত ষ্টেডিয়ামৰ চাৰিওফালে কেমেৰা নাথাকিলহেঁতেনে, তেন্তে তেওঁ বীয়েৰ পান কৰিলেহেঁতেন।

সহযোগী খেলুৱাগৰাকীৰ এনে খুহুতীয়া অভিজ্ঞতাৰ কথা শুনি ঢেকঢেকাই হাঁহে ইয়াও মিঙে। ভিডিঅ'টোৰ ১৮ ছেকেণ্ডত তেওঁ ডিঙিটো ঈষৎ বেঁকা কৰি হাঁহি থকাৰ স্থিৰ চিত্ৰখনেই কোনো শিল্পীয়ে অংকন কৰিছিল।

২০১০ চনৰ ১১ জুলাইত এখন ৰগৰ গ্ৰন্থৰ বাবে এগৰাকী শিল্পীয়ে অংকন কৰা ধেমেলীয়া ফটোৰ ছবিৰ মাজত সন্নিৱিষ্ট হৈছিল ইয়াও মিঙৰ সেই ছবিখনো। সেয়াই আৰম্ভণি। এই ছবিখন প্ৰকাশ পোৱাৰ পিছতে বিশেষ সমাদৃত হয় আৰু কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বই ছবিখন নিজৰ নিজৰ ধৰণেৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ছবিখন বিভিন্ন শিল্পীয়ে নিজৰ নিজৰ ধৰণে অংকন কৰি সুখ, দুখ, ধেমালি, ট্ৰ'ল আদিত ব্যৱহাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in