ইউপিএছচিত দশম স্থান দখল কৰা কোন এই তন্ময় বশিষ্ঠ শৰ্মা, সবিশেষ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে ঘোষণা হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলত অসমৰ ১২ গৰাকী কৃতি শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। মুঠ ৭৫৯ জন প্ৰাৰ্থী উত্তীৰ্ণ হোৱা এই তালিকাত ১০৩ নং স্থান লাভ কৰিছে মৃগাংক শেখৰ পাঠকে। ঠিকে তেনেদৰে ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা, ১৪৫ নং স্থানত নমিতা শৰ্মা, ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী, ১৭০ নং স্থানত গৰিমা শৰ্মা, ২০০ নং স্থানত ঋষভা গাৰ্গ, ২৮৭ নং স্থানত আৰণ্যক শইকীয়া, ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম, ৫২৫ নং স্থানত অভিষেক গোস্বামী, ৬৪৫ নং স্থানত তাপস বসুমতাৰী, ৬৫৬ নং স্থানত সৌৰভ শৰ্মা আৰু ৭০৮ নং স্থান লাভ কৰিছে দীক্ষা লাংথাছাই।

তন্ময় বশিষ্ঠ শৰ্মা
তন্ময় বশিষ্ঠ শৰ্মা

এই পৰীক্ষাত ৰাজস্থানৰ কনিষ্ক কাটাৰিয়াই প্ৰথম স্থান দখল কৰাৰ লগতে দ্বিতীয় স্থান লাভ কৰিছে অক্ষত জৈনে। ঠিক তেনেদৰে তৃতীয় স্থানত আছে জুনাইড আহমেদ। আনহাতে সৰ্বভাৰতীয় এই পৰীক্ষাটোত দশম স্থান দখল কৰা তন্ময় বশিষ্ঠ শৰ্মা নামৰ কৃৰ্তি ছাত্ৰজন অসমৰ বুলি চৰ্চা হৈছিল যদিও শেহতীয়াকৈ এই মেধাৱী ছাত্ৰজন মধ্যপ্ৰদেশৰ শিৱপুৰীৰ নিবাসী বুলি জানিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে তন্ময়ে ২০১৭ বৰ্ষত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাত ২১৫ নং স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তন্ময়ৰ পিতৃ অশোক নগৰৰ এখন চকু চিকিৎসালয়ত কৰ্মৰত। ২০১১চনত মুম্বাই আইআইটিৰ পৰা সমগ্ৰ ভাৰতৰ ভিতৰতে ১২৬ নং স্থান দখল কৰিবলৈ সক্ষম হোৱা তন্ময় বৰ্তমান মধ্যপ্ৰদেশ আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত।

আৰণ্যক শইকীয়া
আৰণ্যক শইকীয়া

আনহাতে এই বৰ্ষৰ লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাত ২৮৭ নং স্থান দখল কৰা আৰণ্যক শইকীয়া হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ পুত্ৰ। ইয়াৰ পূৰ্বে ২০১৭ বৰ্ষত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰণ্যক শইকীয়া। পিছে পূৰ্বৰ তুলনাত এই বৰ্ষত ৰেংকৰ কিছু অৱনমিত হৈছে আৰণ্যক শইকীয়াৰ। বৰ্তমান আৰণ্যক শইকীয়া কৰ্ণাটক আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া।

৪২৯ নং স্থান লাভ কৰা ফৌৰমান ব্ৰহ্ম
৪২৯ নং স্থান লাভ কৰা ফৌৰমান ব্ৰহ্ম

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in